নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰিকলৰ গছত উঠি ভাষণ শ্ৰীলংকাৰ মন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ নাৰিকলৰ নাটনিৰ বাবেই শ্রীলংকাৰ মন্ত্রী এগৰাকীয়ে জনতাক সম্বোধন কৰোঁতে অদ্ভুত কার্য সম্পন্ন কৰিলে৷

শ্রীলংকাৰ নাৰিকল বিভাগৰ মন্ত্রী অৰুণডিকা ফার্নাণ্ডোৱে দেশখনত নাৰিকলৰ নাটনিৰ বিষয়ে জনতাক অৱগত কৰিবলৈ নিজেই নাৰিকলৰ গছত উঠি গৈ জনতাক এই বিষয়ে সজাগ কৰে৷

মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, দেশখনত সম্প্রতি ৭০০ নিযুত নাৰিকলৰ প্রয়োজনীয়তা আহি পৰিছে৷ স্থানীয় উদ্যোগ আৰু ঘৰুৱাভাৱে ব্যৱহাৰ কৰাৰ পৰিপ্রেক্ষিতত নাৰিকলৰ চাহিদা বৃদ্ধি পাইছে৷ নাৰিকল গছৰ পৰা জনতাক সম্বোধন কৰি মন্ত্রীগৰাকীয়ে কয় যে নাৰিকলৰ খেতি কৰিবৰ বাবে সকলো সম্ভাৱনীয় ভূমি ব্যৱহাৰ কৰক আৰু প্রত্যেকেই উদ্যোগটোক উজ্জীৱিত কৰাত অৰিহণা যোগাওক৷

নাৰিকল উৎপাদনেৰে দেশে বিদেশী পুঁজিও উপার্জন কৰিব পাৰে৷ তাৎপর্যপূর্ণ যে নাৰিকলৰ নাটনি হ্রাস কৰাৰ বাবে চৰকাৰখনে নাৰিকলৰ মূল্য হ্রাস কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ আনপিনে, শ্রীলংকাৰ মন্ত্রীগৰাকীৰ এই আচৰণক লৈ সম্প্রতি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে৷

You might also like