নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিশ্বিল্ড ক’ভাক্সিনৰ মিশ্রণে অধিক সুফল দিব পাৰে!

নিয়মীয়া বাৰ্তা  ৯ আগষ্টঃ ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন ভেকচিন মিহলি কৰিলে ক’ভিড–১৯ মহামাৰী প্রতিৰোধত অধিক উন্নত ফল পোৱা যাব৷ শেহতীয়াকৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে৷ আই চি এম আৰে আজি এই তথ্য সদৰী কৰিছে এক বিবৃতিত৷ সংবাদ সংস্থা পি টি আইৰ প্রতিবেদন অনুসৰি ছাবজেক্ট এক্সপার্ট কমিটী অৱ দ্য চেণ্ড্রেল ড্রাগছ ষ্টেণ্ডার্ড কণ্ড্র’ল অর্গেনাইজেচন (চিডিএছচি’)ৰ তৰফৰ পৰা এই সন্দর্ভত অধ্যয়ন তথা গৱেষণা চলোৱা হৈছে৷ এই গৱেষণাৰ উদ্দেশ্য আছিল দুবিধ ভিন্ন ভেকচিন ক’ভিড প্রতিৰোধৰ বাবে ব্যক্তি এগৰাকীক প্রদান কৰিব পৰা যায় নে নাই তাক নিশ্চিত কৰা৷

You might also like