নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ প্রাচীৰৰ বেষ্টনীত লালকিল্লা

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ স্বাধীনতা দিৱসত প্রধানমন্ত্রী মোদীৰ ভাষণৰ সময়ত লালকিল্লাত অঘটন ঘটাব পাৰে প্রতিবাদী কৃষকে৷ গতিকে স্বাধীনতা দিৱসৰ নিৰাপত্তাত কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই দিল্লী আৰক্ষীয়ে৷ প্রধানমন্ত্রীৰ ভাষণৰ সময়ত আন্দোলনকাৰী কৃষকে যাতে অস্থিৰতাৰ সৃষ্টি কৰিব নোৱাৰে সেই বিষয়টোৰ ওপৰত নজৰ ৰাখি লালকিল্লাত ছিপিং কণ্টেইনাৰ বহুৱাই উচ্চ দেৱালেৰে ঘেৰি ৰখাৰ ব্যৱস্থা কৰিছে দিল্লী আৰক্ষীয়ে৷ এই কণ্টেইনাৰবোৰ ইতিমধ্যে বিভিন্ন ধৰণে সজাই তোলাও হৈছে৷

স্মর্তব্য যে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত কৃষক আন্দোলনে লালকিল্লাত অস্থিৰতাৰ সৃষ্টি কৰিছিল৷ কেন্দ্রীয় কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষকে উলিয়াইছিল ট্রেক্টৰ সমদল৷ মুহূর্তৰ ভিতৰতে এই আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ আৰক্ষীৰ সৈতে সংঘর্ষত কেইবাজনো লোকৰ মৃত্যুও হৈছিল৷ তেতিয়া দিল্লীৰ আৰক্ষীৰ ভূমিকাক লৈ প্রশ্ণ উঠিছিল৷

গতিকে এইবাৰ নিৰাপত্তাৰ ক্ষেত্রত কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই আৰক্ষীয়ে৷ অকল সেয়াই নহয়, কাশ্মীৰত বায়ুসেনাৰ ঘাটিত ড্রোন আক্রমণৰ বিষয়টোত গুৰুত্ব প্রদান কৰিও এনেদৰে নিৰাপত্তা ব্যৱস্থা নিশ্ছিদ্র কৰি তোলাৰ সিদ্ধান্ত লৈছে দিল্লী আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ এক সূত্রই সদৰী কৰা অনুসৰি স্বাধীনতা দিৱসৰ সময়ত প্রতিবাদী কৃষকে ৰাজধানী চহৰখন উত্তাল কৰাৰ আশংকা আছে৷ ইতিমধ্যে ৰাজধানীৰ বিভিন্ন স্থানত কৃষকৰ প্রতিবাদী কার্যসূচী প্রতিৰোধ কৰাৰ আঁচনিও লৈছে দিল্লী আৰক্ষীয়ে৷

You might also like