নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভাক্সিনৰ দ্বিতীয়টো ড’জ লোৱাৰ পিছত আক্রান্তৰ হাৰ ০.০৪ শতাংশ, ক’ভিশ্বিল্ডৰ ০.০৩ শতাংশ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ভিড–১৯ ভেকচিন লোৱাৰ পিছত এজন লোকৰ দেহত মহামাৰী ভাইৰাছত আক্রান্ত হোৱাৰ হাৰ অতি নূন্যতম৷ কেন্দ্রীয় চৰকাৰে প্রকাশ কৰা মতে ক’ভাক্সিনৰ দ্বিতীয়টো ড’জ লোৱাৰ পিছত ক’ভিড–১৯ত আক্রান্তৰ হাৰ মাত্র ০.০৪ শতাংশ৷ তেনেদৰে ক’ভিশ্বিল্ডৰ দ্বিতীয়টো ড’জ লোৱাৰ পিছত ক’ভিড পজিটিভৰ হাৰ মাত্র ০.০৩ শতাংশ৷

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আইচিএমআৰ)ৰ তথ্য আধাৰত এই আক্রান্তৰ হাৰ প্রকাশ কৰা হৈছে৷ আইচিএমআৰ সঞ্চালকপ্রধান ড০ বলৰাম ভার্গৱে প্রকাশ কৰা মতে ক’ভিড–১৯ ভেকচিন লোৱাৰ পিছত ১০ হাজাৰ জনসংখ্যাৰ ভিতৰত মাত্র ২–৪জন লোক আক্রান্ত হৈছে৷

You might also like