নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত প্রতি ঘণ্টাত দেশত ১৫০জনৰ মৃত্যু

১০ দিনত ৩৬,১১০–এদিনত অভিলেখসংখ্যক ৩,৯১৫জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা ৮ মেঃ দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰ৷ প্রান্তে প্রান্তে মৃত্যুৰ কিৰীলি৷ ক’ভিড–১৯ত আক্রান্তৰ মৃত্যুৰ হাৰে ত্রাসিত কৰিছে সমগ্র দেশক৷ প্রতিদিনেই ক’ভিড–১৯ ৰোগীৰ মৃত্যুৰ হাৰ দ্রুতগতিত বর্ধিত হৈ আছে৷ বিগত ১০ দিন ধৰি ক’ৰোনাত মৃত লোকৰ সংখ্যা প্রতিদিনেই তিনি সহস্রাধিক৷ যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনত দেশত সর্বাধিক ৩,৯১৫জনৰ মৃত্যু ঘটিছে৷ বিগত ১০ দিনত দেশত ক’ৰোনাত মৃত্যু ঘটিছে ৩৬,১১০জনৰ৷ অর্থাৎ প্রতিঘণ্টাত গড়ে ১৫০জন লোকে ক’ৰোনাত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ আক্রান্তৰ সমান্তৰালকৈ মৃতকৰ সংখ্যা ইমান ভয়াৱহ হাৰত বাহিছে যে বিগত ১০ দিনত মৃতকৰ সংখ্যা বিশ্বৰ সর্বাধিক মৃত্যুৰ তালিকাত থকা আমেৰিকা যুক্তৰাষ্ট্র আৰু ব্রাজিলক চেৰ পেলাইছে৷ ১০ দিনত আমেৰিকা যুক্তৰাষ্ট্রত ৩৪,৭৯৮জন আৰু ব্রাজিলত ৩২,৬৯২জনে প্রাণ হেৰুৱাইছে৷

ইয়াৰ বিপৰীতে ভাৰতত ১০ দিনত প্রাণ হেৰুৱাইছে ৩৬ সহস্রাধিকে৷ যোৱা ২৪ ঘণ্টাত এদিনত সর্বাধিক ৩,৯১৫জনৰ মৃত্যু ঘটাত দেশজুৰি মৃতকৰ সংখ্যা ২,৩৪,০৮৩জনলৈ বৃদ্ধি পাইছে৷ ইপিনে যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যাই পুনৰ আন এক অনাকাংক্ষিত অভিলেখ গঢ়িছে৷ বুধবাৰৰ দিনটোত ৪.১২ লক্ষাধিক লোক আক্রান্ত হৈ অভিলেখ গঢ়াৰ পিছত যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ ৪.১৪ লক্ষাধিক হৈছে৷ ইয়াকে লৈ দেশত আক্রান্তৰ সংখ্যা ২.১৪ কোটিৰ অধিক হৈছে৷ তাৎপর্যপূর্ণ যে আক্রান্তৰ সংখ্যাই একেদিনাই তিনি লক্ষাধিক অতিক্রম কৰা বিশ্বৰ প্রথম দেশ হিচাপে ভাৰত৷

তেনেদৰে এদিনত ৪ লক্ষাধিক আক্রান্ত হোৱা দেশো ভাৰত৷ যোৱা ৩০ এপ্রিলত প্রথমবাৰৰ বাবে এদিনত আক্রান্ত ৪ লক্ষাধিক হোৱাৰ পিছত ৫ আৰু ৬ এপ্রিলত প্রতিদিনেই ৪ লক্ষাধিক লোক আক্রান্ত হৈছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত আছে মহাৰাষ্ট্র, কর্ণাটক, উত্তৰপ্রদেশ, দিল্লী, কেৰালা, ৰাজস্থান, গুজৰাট, অন্ধ্রপ্রদেশ, ছত্তিশগড়, তামিলনাডু, পশ্চিমবংগ, বিহাৰ, হাৰিয়ানা আদি ৰাজ্য৷ ৰাজস্থানত প্রতিদিনেই আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত শাসকীয় কংগ্রেছ চৰকাৰে ১০ মে’ৰ পৰা ২৪ মে’লৈকে সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷ ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে সম্পূর্ণ লকডাউন ঘোষণা কৰাৰ লগতে ৩১ মে’লৈকে বিবাহৰ কার্যসূচীত নিষেধাজ্ঞা জাৰি কৰিছে৷

আনহাতে উত্তৰ প্রদেশৰ ছেলন বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ডাল বাহাদুৰৰ আজি ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ ক’ভিড–১৯ত মৃত্যু ঘটা চতুর্থজন বিজেপিৰ বিধায়ক ডাল বাহাদুৰ৷ ইয়াৰ পূর্বে ৰাজ্যখনত তিনিজন বিজেপি বিধায়কে ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ প্রাণ হেৰুওৱা তিনি বিধায়ক হৈছে– ঔৰালিয়াৰ ৰমেশ দিবাকৰ, লক্ষ্মৌ পশ্চিমৰ সুৰেশ শ্রীবাস্তৱ আৰু নবাবগঞ্জৰ কেশৰ সিং গাৱাৰ৷

শুকুৰবাৰে ক’ৰোনাত প্রাণ হেৰুওৱা ডাল বাহাদুৰে ১৯৯৬ চনত ছেলনৰ পৰা প্রথম বিধানসভালৈ নির্বাচিত হৈছিল আৰু ৰাজনাথ সিং চৰকাৰৰ এগৰাকী মন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল৷ বিধায়ক বাহাদুৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ আনপিনে নতুন দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা কুখ্যাত আণ্ডাৰৱর্ল্ড ডন গেংষ্টাৰ চোটা ৰাজন ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি ২০১৫ চনৰ পৰা নতুন দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা কুখ্যাত ডন চোটা ৰাজন যোৱা ২৬ এপ্রিলত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ এইমছত চোটা ৰাজনৰ মৃত্যু হোৱাৰ চর্চিত বাতৰিক লৈ এতিয়াও নিশ্চিত হোৱা নাই৷ কিয়নো দিল্লী এইমছ কর্তৃপক্ষ আৰু আৰক্ষীয়ে এই বিষয়টো নিশ্চিত কৰা নাই৷ এনে অৱস্থাত স্বাভাৱিকতে মাফিয়া ডনজনৰ মৃত্যুৰ বাতৰিক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷

You might also like