নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ এপার্টমেণ্টৰ আবাসীলৈ সতর্কতাৰ আহ্বান ৰাজ্য চৰকাৰৰ

ক’ৰোনা মহামাৰীৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ সকলো এপার্টমেণ্ট পৰিচালনা সমিতি আৰু অট্টালিকাত বাস কৰা লোকসকললৈ এটি গোহাৰিৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে এলানি নীতি–নির্দেশনা জাৰি কৰিছে৷ ক’ৰোনা কালত এপার্টমেণ্টৰ আবাসী তথা পৰিচালনা সমিতিয়ে পালন কৰিবলগীয়া নির্দেশনাসমূহ–

  • এপার্টমেণ্টলৈ বাহিৰৰ দর্শনার্থীৰ প্রৱেশ সীমিত কৰি সকলোৰে ভ্রমণ বিৱৰণ লিপিবদ্ধ কৰিব লাগিব৷
  • এপার্টমেণ্টৰ প্রৱেশদ্বাৰত হাত ধোৱা–ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব৷
  • চৌহদৰ ভিতৰৰ পার্ক, ছুইমিং পুল, ফিটনেছ চেণ্টাৰ আৰু অন্যান্য ৰাজহুৱা সমাৱেশ স্থান বন্ধ কৰিব লাগিব৷
  • এপার্টমেণ্টৰ চৌহদৰ লগতে লিফ্টৰ বুটাম, চিৰি আদি অতি কমেও তিনিবাৰকৈ পৰিষ্কাৰ আৰু বিজাণুমুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব৷
  • এপার্টমেণ্টৰ আবাসীয়ে গেটৰ সন্মুখত সামগ্রী সংগ্রহৰ বাবে বাস্কেটৰ ব্যৱস্থা কৰিব লাগিব৷
  • গৃহ আছুতীয়াকৰণ কৰিবলৈ নির্দেশ দিয়াসকলৰ ক্ষেত্রত পৰিচালনা সমিতিয়ে গোপনীয়তা বজাই ৰাখিব লাগিব৷
  • গৃহ আছুতীয়াকৰণত থকা ব্যক্তিজনক দৈনন্দিন প্রয়োজনীয় সামগ্রী, ঔষধ আদি লাভ কৰাত সহায় কৰিব লাগিব৷
  • সকলো সংক্রমণ নিয়ন্ত্রণ নীতি–নিয়ম মানি চলি প্রয়োজনীয় মানসিক–সামাজিক সমর্থন প্রদান কৰিব লাগিব৷
You might also like