নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰততেই হ’ব ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পৰৱর্তী মেচ

নিয়মীয়া বাৰ্তা, ১০ মে: ক’ৰোনাৰ আতংকৰ বাবে আধাতে অনির্দিষ্টকাললৈ স্থগিত হোৱা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণৰ বাকী মেচসমূহ ভাৰততে আয়োজন কৰাৰ চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ আই চি চি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ পূর্বে ছেপ্ঢেম্বৰত চলিত ছিজনৰ আই পি এলৰ বাকী থকা মেচসমূহ আয়োজন কৰাৰ ইংগিত দিছে ব’র্ডে৷ কিয়নো, যিহেতু ভাৰতত টি–২০ বিশ্বকাপখন অনুষ্ঠিত হ’ব সেই হেতুকে আটাইকেইখন দেশৰ খেলুৱৈ ভাৰতলৈ আহিব৷ এনে অৱস্থাত আই পি এলত অংশ লোৱা খেলুৱৈসকলক টি–২০ বিশ্বকাপৰ পূর্বে ভাৰতলৈ মাতি পঠিয়াই আই পি এলখন সমাপ্ত কৰাৰ চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷

সংবাদ প্রতিষ্ঠানৰ আগত বি চি চি আইৰ এগৰাকী আগশাৰীৰ বিষয়াই কয় যে যদি ছেপ্ঢেম্বৰত ভাৰতত ক’ৰোনাৰ ভয়াৱহতা নিয়ন্ত্রণ হয়, তেতিয়াহ’লে আই পি এলৰ বাকী থকা ৩১খন মেচ আয়োজন কৰা হ’ব৷ ইফালে, ভাৰতত যদি প্রতিযোগিতাখনৰ বাকী থকা মেচসমূহ আয়োজন কৰাটো সম্ভৱ নহয়, তেতিয়াহ’লে বিকল্প স্থান হিচাপে ইংলেণ্ডত আয়োজন হোৱাৰ সম্ভাৱনা অধিক আছে৷

You might also like