নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ প্রশাসনিক দায়িত্ব উপ–ৰাজ্যপালক ন্যস্ত কেন্দ্রৰ

ক্ষমতাশূন্য হৈ পৰিল কেজৰিৱাল চৰকাৰ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ দেশৰ ৰাজধানী দিল্লীৰ শাসনৰ গুৰু দায়িত্ব উপ–ৰাজ্যপাল অনিল বাইজালৰ হাতত ন্যস্ত কৰিছে কেন্দ্রীয় চৰকাৰে৷ উল্লেখনীয় যে কেন্দ্রীয় চৰকাৰে কিছুদিন পূর্বে গৱর্নমেণ্ট অৱ নেচনেল কেপিটেল টেৰিট’ৰী অৱ দিল্লী (জিএনচিটিডি) আইনৰ সংশোধনী ঘটাই প্রশাসনিক ক্ষমতা উপ–ৰাজ্যপালৰ হাতত ন্যস্ত কৰিছিল৷ কালিৰে পৰা আনুষ্ঠানিকভাৱে উপ–ৰাজ্যপালে দিল্লীৰ প্রশাসনিক ক্ষমতা লাভ কৰিছে৷ অর্থাৎ এই আইনৰ অধীনস্থ সমগ্র বিষয়ত সিদ্ধান্ত ল’বলৈ হ’লে উপ–ৰাজ্যপালৰ অনুমতি ল’ব লাগিব৷ উপ–ৰাজ্যপালৰ বিচার্য হ’লেহে এই আইনখনৰ অধীনত যিকোনো কাম–কাজ চলোৱাৰ সুযোগ লাভ কৰিব মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে৷

You might also like