নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ কাঠমিল চাৰিআলিৰ অট্টালিকাৰ নির্মাণত ত্রুটি

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ সমগ্র অসমৰ লগতে নগাঁও জিলাতো বুধবাৰে পুৱা ৭.৫১ মান বজাত ৬.৪ ৰিখ্টাৰ স্কেলৰ প্রাবল্যৰ ভূমিকম্পই জোকাৰি যায়৷ নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিৰ এটি সুউচ্চ অট্টালিকা ভূমিকম্পৰ ফলত হাউলি যোৱা সন্দর্ভত নগাঁও জিলা প্রশাসনৰ হৈ জিলা জনসংযোগ বিভাগে প্রকাশ কৰা এক বার্তাত উল্লেখ কৰিছে যে নগাঁও জিলা প্রশাসন আৰু লোকনির্মাণ বিভাগৰ সহযোগত ততাতৈয়াকৈ এই বিষয়টো অনুসন্ধান কৰা হয়৷

অনুসন্ধান আৰু লোকনির্মাণ বিভাগৰ অভিযন্তাৰ ক্ষেত্র পৰিদর্শনৰ পাছত দেখা পোৱা গ’ল যে অট্টালিকাটো মুখ্যতঃ ভূমিকম্পৰ ফলত হাউলি যোৱা নাছিল৷বৰঞ্চ অট্টালিকাটো ত্রুটিপূর্ণ নির্মাণশৈলীৰে তৈয়াৰ কৰা হৈছিল আৰু অট্টালিকাটোৱে ভৱন নির্মাণ আইন উলংঘা কৰিছে৷ সন্মুখখিনিৰ বাহিৰে বাকী তিনিওটা কাষ সুপৰিকল্পিতভাৱে নির্মাণ কৰা হোৱা নাছিল৷ এই প্রসংগত ইতিমধ্যে নগাঁও জিলা প্রশাসনে নগাঁও পৌৰসভাৰ জৰিয়তে অট্টালিকাৰ স্বত্বাধিকাৰীলৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰিছে৷

You might also like