নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ লালকিল্লা বিস্ফোৰণৰে সম্পর্ক, আল–ফলাহ বিশ্ববিঃৰ ১৫ চিকিৎসকৰ আত্মগোপন

🔹 দিল্লী কাণ্ডৰ অন্যতম ষড়যন্ত্রকাৰী আমীৰ ৰছিদক গ্রেপ্তাৰ

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : দিল্লীৰ বিস্ফোৰণ গোচৰৰ তদন্তত বৃহৎ অগ্রগতি লাভ কৰিছে ৰাষ্ট্রীয় তদন্তকাৰী সংস্থা ‘নিয়া’ই৷ ‘নিয়া’ই চলোৱা ব্যাপক তালাচীত আত্মঘাতী বোমাৰু ওমৰ নবীৰ সহযোগী তথা দিল্লী আক্রমণৰ ঘটনাৰ অন্যতম ষড়যন্ত্রকাৰী আমীৰ ৰছিদ আলী নামৰ এজন যুৱকক কালি গ্রেপ্তাৰ কৰে৷

জানিব পৰা মতে, যিখন আই–২০ বাহনত বিস্ফোৰণ হৈছিল সেই বাহনখন পঞ্জীয়ন আছিল আমীৰৰ নামত৷ গোচৰৰ তদন্ত লোৱাৰ পিছত ‘নিয়া’ই গ্রেপ্তাৰ কৰা আমীৰ হৈছে প্রথমজন ব্যক্তি৷ কেৱল ইমানেই নহয়, ‘নিয়া’ই আমীৰক গ্রেপ্তাৰৰ পিছতে এই ঘটনা যে আত্মঘাতী আক্রমণ আছিল, সেইটোও নিশ্চিত হৈছে৷ লগতে বিস্ফোৰণৰ বাবে ব্যৱহাৰ কৰা বাহনখনত আছিল আইইডি বিস্ফোৰক৷ জম্মু–কাশ্মীৰৰ পামপুৰৰ চাম্বুৰাৰ বাসিন্দা আমীৰে ওমৰৰ সৈতে দিল্লীত সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰাৰ সমগ্র ষড়যন্ত্রৰ পৰিকল্পনা কৰিছিল৷ ইয়াৰ পিছতে দিল্লীলৈ আহি বিস্ফোৰণত ব্যৱহাৰ কৰা বাহনখন ক্রয় কৰিছিল৷ তাৰ পিছত সেই বাহনখনত বৃহৎ পৰিমাণৰ বিস্ফোৰক ভর্তি কৰিছিল৷ সোমবাৰে ওমৰে গাড়ীখন চলাই আহি লালকিল্লাৰ সন্মুখতে বিস্ফোৰণ ঘটায়৷ এই ভয়াৱহ বিস্ফোৰণত ১৩জন লোক নিহত হোৱাৰ লগতে ৩২জনৰো অধিক আহত হয়৷

ইফালে, কালি ‘নিয়া’ই ওমৰৰ আন এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ বর্তমান তদন্তকাৰী দলে বাহনখন পৰীক্ষা কৰি আছে৷ তাৎপর্যপূর্ণ এই যে হোৱাইট কলাৰ টেৰ’ৰ ইক’ছিষ্টেমে দিল্লীত সন্ত্রাসবাদী কূটাঘাত সংঘটিত কৰিবলৈ বিগত এবছৰ ধৰি আত্মঘাতী বোমাৰুৰ সন্ধানত থকা বুলিও বিস্ফোৰক তথ্য লাভ কৰিছে ‘নিয়া’ই৷ ইফালে, দিল্লীৰ লালকিল্লাৰ ওচৰত সংঘটিত বিস্ফোৰণ কাণ্ডৰ পিছত তদন্তকাৰী সংস্থাৰ শেনচকুত ধৰা পৰিছে ইজনৰ পিছত সিজন হোৱাইট কলাৰ সন্ত্রাসবাদী৷ গ্রেপ্তাৰ হৈছে আৰু এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্রী৷ জম্মু–কাশ্মীৰৰ এখন চৰকাৰী মেডিকেল কলেজৰ পৰা আটক কৰা হৈছে হাৰিয়ানাৰ এইগৰাকী ছাত্রীক৷

সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, অনন্তনাগৰ মালাকনাগ অঞ্চলৰ পৰা আটক কৰা এই ছাত্রীগৰাকীৰ নাম প্রিয়ংকা শর্মা৷ জানিব পৰা মতে, অঞ্চলটোৰ এটা ভাৰাঘৰত থকা ছাত্রীগৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে এটা ম’বাইল ফোন আৰু ছিম কার্ড৷ সূত্রত প্রকাশ পোৱা মতে, আন এগৰাকী অভিযুক্ত আদিলক গ্রেপ্তাৰৰ পিছতে ছাত্রীগৰাকীৰ নাম পোহৰলৈ আহে৷ আনহাতে, আন তিনিগৰাকী চিকিৎসক ওমৰ, মোজাম্মিল আৰু শ্বাহিনৰ ২০ লাখ টকাৰ ‘মানী ট্রায়েল’ৰ তথ্য উদ্ঘাটন কৰিছে চোৰাংচোৱা বিভাগে৷

এটা সূত্রই দাবী কৰা মতে, জইছ–ই–মহম্মদৰ তৰফৰ পৰা হাৱালাৰ মাধ্যমেৰে পঠিওৱা হৈছিল এই বৃহৎ পৰিমাণৰ ধন৷ স্বাভাৱিকতে এই ঘটনাৰ আঁৰত পাকিস্তানী সংযোগ থকাৰ তথ্য প্রকট হৈছে৷ ইফালে, ফৰেনছিক তদন্তৰ পৰা এই বিস্ফোৰণৰ আঁৰত ‘চয়তানৰ মাতৃ’ৰ হাত থকাৰ উমান পোৱা গৈছে৷ সম্ভৱতঃ এইবিধ বিস্ফোৰকেই আক্রমণটোত ব্যৱহাৰ কৰা হৈছিল, যাৰ পোছাকী নাম ‘ট্রায়াকিটোন ট্রাইপাৰক্সাইড’৷ ইমানদিনে এম’নিয়াম নাইট্রাইট ব্যৱহাৰ কৰা হৈছিল বুলি যি ধাৰণা কৰা হৈছিল, সেই ধাৰণা ভুল বুলি ক’ব খোজে তদন্তকাৰীসকলে৷

উল্লেখ্য যে দিল্লীৰ এই বিস্ফোৰণত এতিয়ালৈকে ১৩গৰাকী লোকৰ মৃত্যু ঘটিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্পষ্টকৈ জনাই দিছে যে কোনো এজনো সন্ত্রাসবাদীক ৰেহাই দিয়া নহ’ব৷ আৰক্ষী সূত্রত প্রকাশ পোৱা মতে, বিস্ফোৰণস্থলীৰ পৰা তিনিটা ৯ মিঃ মিঃ কেলিবাৰ কার্টিজ উদ্ধাৰ কৰা হৈছে৷ ইয়াৰে দুটা সক্রিয় আৰু এটা খালী৷ এগৰাকী ঊর্ধ্বতন বিষয়াই প্রকাশ কৰা মতে, কার্টিজ উদ্ধাৰ হ’লেও ঘটনাস্থলীৰ পৰা কোনো আগ্নেয়াস্ত্র বা আন একো পোৱা হোৱা নাই৷ এনআইএৰ অনুসন্ধানৰ আওতাত থকা এই ঘটনাৰ ষড়যন্ত্রত জড়িত থকা ১৫গৰাকী চিকিৎসকৰ শুংসূত্র পোৱা হোৱা নাই৷ নুহ আৰু পশ্চিমবংগৰ পৰা কেইবাজনো চিকিৎসকক আটক কৰা হৈছে৷ ভাৰতীয় চিকিৎসক সংস্থা (আইএমএ)–ই এই ঘটনাৰ মূল অভিযুক্ত ডাঃ শ্বাহিন ছাহিদ আৰু ডাঃ আদিল আহমেদ ৰাথোড়ৰ অনুজ্ঞা-পত্র বাতিল কৰিছে৷ আল–ফলাহ বিশ্ববিদ্যালয়ৰ এগৰাকী চিকিৎসক লালকিল্লাৰ বিস্ফোৰণৰ সৈতে জড়িত থকাৰ কথা পোহৰলৈ অহাৰ পিছতে আটাইকেইগৰাকীয়ে আত্মগোপন কৰা বুলি কোৱা হৈছে৷

তদন্তকাৰী সংস্থাৰ মতে, এই বিস্ফোৰণৰ ষড়যন্ত্রৰ সৈতে সম্পর্ক থকা এগৰাকী মূল অভিযুক্ত ডাঃ মোজাম্মিলৰ সৈতে এই চিকিৎসককেইগৰাকীৰ পোনপটীয়া সংযোগ আছিল৷ আটাইকেইগৰাকী চিকিৎসকৰে ম’বাইলৰ এতিয়া ছুইচ অফ৷ সম্প্রতি আল–ফলাহ বিশ্ববিদ্যালয়খন চোকা নজৰত ৰখা হৈছে৷ আনকি আৰক্ষী বিষয়া, তদন্তকাৰীকো সোধা–পোছা কৰাৰ পিছতহে প্রৱেশৰ অনুমতি দিয়া হৈছে৷ বিশ্ববিদ্যালয়খনলৈ আহ–যাহ কৰা সকলো ব্যক্তিগত যান–বাহনৰ তথ্য পঞ্জীভুক্ত কৰি ৰাখিবলৈ অসামৰিক পোছাকত চিআইএৰ এটা দল বিশ্ববিদ্যালয়ৰ প্রৱেশদ্বাৰত মোতায়েন কৰা হৈছে৷ মূল অভিযুক্তৰ সৈতে সম্পর্কিত বাহন উদ্ধাৰ কৰাৰ পিছতে বিশ্ববিদ্যালয়খনৰ পৰা সন্ত্রাসৰ নেটৱর্ক চলা বুলি সন্দেহ ঘনীভূত হৈছে৷

ইফালে, নুহ জিলাৰ বিভিন্ন ঠাইৰ পৰা এনআইএ আৰু ফৰিদাবাদ অপৰাধ শাখাই পাঁচজন লোকক আটক কৰিছে৷ ইয়াৰ ভিতৰত তিনিগৰাকী চিকিৎসক, এগৰাকী ইমাম আৰু এগৰাকী সাৰ বিক্রেতা৷ এওঁলোকে কূটাঘাতত ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্য যোগান ধৰিছিল বুলি সন্দেহ কৰা হৈছে৷ আনহাতে, পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলাৰ সূর্যপুৰ বজাৰৰ পৰা জানিছাৰ আলম নামৰ আল–ফলা বিশ্ববিদ্যালয়ৰ পৰা ২০২৪ চনত এমবিবিএছ ডিগ্রী লোৱা আন এগৰাকী চিকিৎসককো এই সন্দর্ভত গ্রেপ্তাৰ কৰা হৈছে৷ পশ্চিমবংগলৈ ফুৰিবলৈ যোৱা এই চিকিৎসকগৰাকী লুধিয়ানাৰ৷

You might also like