অসম আৰক্ষীত শীঘ্রে নতুনকৈ ৪ হাজাৰক দিব নিযুক্তি, ২ লক্ষাধিকক চাকৰিৰ দিশে ৰাজ্য চৰকাৰ
ডিজিটেল ডেস্ক, ১৭ নৱেম্বৰ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সুদক্ষ নেতৃত্ব আৰু বিচক্ষণতাৰ ফলশ্রুতিত অসম চৰকাৰে নিয়োগ সৃষ্টি আৰু নিযুক্তি প্রদানৰ ক্ষেত্রত ১ লাখৰ সীমা অতিক্রম কৰি ২ লাখৰ লক্ষ্য স্পর্শৰ দিশে আগবাঢ়িছে৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে পাঁচ বছৰ অতিক্রম নকৰোঁতেই ৰাজ্যৰ ১ লাখ ৩৫ হাজাৰ নিবনুৱা যুৱক–যুৱতীক চাকৰি দিবলৈ সক্ষম হৈছে৷ এটকাও নিদিয়াকৈ ৰাজ্যৰ মুঠ ১,৩৪,৯৯৯গৰাকী যুৱক–যুৱতীয়ে ২০২১ চনৰ পৰা ২০২৫ চনৰ ১৩ নৱেম্বৰলৈ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে৷
এসময়ত সপোন যেন লগা চৰকাৰী চাকৰি আজি স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিত প্রদান কৰা হৈছে৷ ১ লাখ নিযুক্তিৰ লক্ষ্যক অতিক্রম কৰি অসমৰ যুৱ সমাজৰ বাবে ২ লক্ষাধিক সুযোগ সৃষ্টিৰ প্রতিশ্রুতিৰ দিশে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখন আগবাঢ়িছে৷ অসমৰ যুৱক–যুৱতীৰ বাবে আন এক আশা আৰু নিযুক্তি লাভৰ বার্তা কঢ়িয়াই আহি আছে অসম আৰক্ষীত চাৰি হাজাৰ নতুন চাকৰি৷ এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীগৰাকীয়ে এই বিষয় সন্দর্ভত কয় যে এসময়ত সপোন যেন লগা চৰকাৰী চাকৰি আজি স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিত যুৱক–যুৱতীসকলে লাভ কৰিব পাৰে৷ এটকাও উপঢৌকন নিদিয়াকৈ চাকৰি লাভ কৰিব পৰা পৰিৱেশ আমি নির্মাণ কৰিছোঁ৷ কথা দিছিলোঁ– আমি ১ লাখ চাকৰি প্রদান কৰিম৷ কিন্তু পাঁচ বছৰ অতিক্রম নকৰোঁতেই আমি ৰাজ্য চৰকাৰৰ চাকৰি প্রায় ১ লাখ ৩৫ হাজাৰ প্রদান কৰিবলৈ সক্ষম হ’লোঁ৷ এতিয়া লক্ষ্য ২ লাখ৷
উল্লেখ্য যে মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমযোগে শিক্ষা বিভাগত যোৱা ১৩ নৱেম্বৰত মুঠ ৮,২০৬গৰাকী অধ্যাপক–শিক্ষক নিযুক্তি দিয়াৰ তথ্যও সদৰী কৰে৷ সেই অনুসৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে ২৬৩গৰাকী সহকাৰী অধ্যাপক, ১১০গৰাকী তৃতীয়বর্গৰ কর্মচাৰী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ যোগেদি ২৮গৰাকী প্রবক্তা আৰু ৮গৰাকী সহকাৰী সঞ্চালক তথা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে ১,২৭৫গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ৬,৫২২গৰাকী স্নাতকসহ মুঠ ৮,২০৬গৰাকীক নিযুক্তি দিয়া হয়৷