নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৌতূহল! হঠাৎ কিয় মাস্কৰ মুখত তাজমহলৰ প্ৰশংসা

বিশেষ বাৰ্তা, ১০ মেঃ এলন মাস্কে এতিয়া টুইটাৰত এটা আখৰ লিখিলেও সমগ্ৰ বিশ্বই তাৰে অৰ্থ বিচৰাত নামে। ৪৪ বিলিয়ন ডলাৰেৰে টুইটাৰ কিনিছে এইজন ধনকুবেৰে। তাৰ পাছত কৈছে, তেওঁৰ আগন্তুক লক্ষ্য কোকা কোলা কিনা। এইজন মাস্কৰ মুখত তাজমহলৰ প্ৰশংসা শুনি বহুতেই আচৰিত হৈছে আৰু ইয়াৰ অৰ্থ বিচাৰিবলৈ লৈছে। সোমবাৰে ৰাতি একেটা টুইটকে ৰিটুইট কৰি মাস্কে লিখিছে, তেওঁ ২০০৭ চনত ভাৰত ভ্ৰমণলৈ আহি তাজমহল চাবলৈ গৈছিল। তেওঁৰ অভিজ্ঞতা আছিল দুর্দান্ত। বিশ্বৰ সপ্তম আশ্চর্যৰ ভিতৰত এটা হ’ল তাজমহল। তাৰে নক্সা দেখি মুগ্ধ হৈছিল মাস্ক। সেই সকলো স্মৃতি ৰোমন্থন কৰিছে টুইটত। ইয়াৰ পাছতেই কৌতূহল, হঠাৎ কিয় তাজৰ প্ৰশংসা মাস্কৰ মুখত? বহুতে কৈছে টেছলাৰ মালিক হিচাপে ভাৰতৰ বজাৰ দখলৰ নতুন চিন্তা কৰিছে হয়তো বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিজনে।

You might also like