নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ নতুন নির্দেশনাঃ নৈশ সান্ধ্য আইনৰ কর্তৃত্ব ৰাজ্য চৰকাৰক

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ ঘাতক ক’ভিড–১৯ৰ সংক্রমণ অব্যাহত থকা বাবেই এই মহামাৰী প্রতিৰোধৰ বাবে নিৰীক্ষণ, কনটেইনমেণ্ট আৰু সাৱধানতাক প্রাধান্য দি নতুন নির্দেশনা জাৰি কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ অহা ৩০ নৱেম্বৰত আনলক ৬.০ৰ নির্দেশনা সমাপ্ত নোহোৱাৰ পূর্বেই কালি নতুন নির্দেশনা কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰিলেও নতুনকৈ একো সন্নিৱিষ্ট কৰা নাই৷ অহা ১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বলৱৎ থাকিবলগীয়া এই নতুন নির্দেশনা আনলক–৬.০ৰ দৰেই বাহাল থাকিব বুলি স্পষ্ট কৰি দি পূর্বৰ দৰেই কনটেইনমেণ্ট জ’নত কঠোৰভাৱে লকডাউন বলৱৎ থাকিব বুলি নির্দেশনাত উল্লেখ কৰা হৈছে৷

তদুপৰি ক’ভিড–১৯ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ কর্তৃত্ব ৰাজ্য চৰকাৰৰ হাতত এৰি দিছে৷ কনটেইনমেণ্ট জ’নত কেৱল অত্যাৱশ্যকীয় সেৱাৰ কার্যকলাপহে চলি থাকিব৷ কনটেইনমেণ্ট জ’ন ঘোষণা কৰাৰ ক্ষেত্রত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত অধিক সজাগ হ’বলৈ নির্দেশনা প্রকাশ কৰাৰ লগতে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সকলো নির্দেশনা মানি চলিব লাগিব৷

ক’ভিড–১৯ প্রট’কল সঠিকভাৱে মানি চলাৰ লগতে আনলক–৬.০ত মুকলি কৰি দিয়া সকলো কার্যকলাপত এছ অ’ পি কঠোৰভাৱে মানি চলিব লাগিব বুলিও নতুন নির্দেশনাত উল্লেখ কৰা হৈছে৷ কনটেইনমেণ্ট জ’নৰ বাহিৰত চলি থকা সকলো অর্থনৈতিক কার্যকলাপৰ ক্ষেত্রত পূর্বে দিয়া এছ অ’ পি কর্তৃপক্ষই কঠোৰভাৱে মানি চলাটো বাধ্যতামূলক৷ আনপিনে স্থানীয় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে নিজাববীয়াকৈ প্রতিবন্ধকতা জাৰি কৰিব পাৰিব৷ পূর্বৰ দৰেই ৬৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তি আৰু ১০ বছৰ অনূর্ধ্বৰ শিশুৰ ক্ষেত্রত প্রতিবন্ধকতা বাহাল থাকিব৷ অতি অত্যাৱশ্যকীয় প্রয়োজনৰ বাহিৰে এনে লোক বাহিৰলৈ ওলোৱাত প্রতিবন্ধকতা আছে৷

You might also like