নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত–ঈশান্তক লৈ তৎপৰ বিচিচিআই

ক্রিকেট অষ্ট্রেলিয়াক কোৱাৰেণ্টাইন শিথিলৰ আহ্বান

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাত টীম ইণ্ডিয়াৰ দুই তাৰকা ৰোহিত শর্মা আৰু ঈশান্ত শর্মাই যাতে অংশ ল’ব পাৰে তাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বি চি চি আয়ে৷ সম্পূর্ণৰূপে আঘাতমুক্ত হ’বলৈ সম্প্রতি বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত কঠোৰ অনুশীলন চলাই থকা ৰোহিত আৰু ঈশান্তৰ ক্ষেত্রত কোৱাৰেণ্টাইনৰ নিয়ম শিথিল কৰিবলৈ ব’র্ডে আজি ক্রিকেট অষ্ট্রেলিয়াক বিশেষভাৱে আহ্বান জনাইছে৷ বি চি চি আইৰ এই আহ্বানৰ প্রতি ক্রিকেট অষ্ট্রেলিয়াই সঁহাৰি জনালে তাৰকা দুগৰাকীয়ে টেষ্ট শৃংখলাত অংশ লোৱাটো সম্ভৱ হৈ উঠিব পাৰে৷ মন কৰিবলগীয়া যে ৰোহিত আৰু ঈশান্তক মেচ ফিট হ’বলৈ এতিয়াও কিছু সময়ৰ প্রয়োজন আছে বুলি ৰাষ্ট্রীয় ক্রিকেট একাডেমীয়ে প্রতিবেদন প্রকাশ কৰিছে৷ ৮ ডিচেম্বৰৰ ভিতৰত সুস্থ হৈ অষ্ট্রেলিয়ালৈ ৰাওনা হ’ব পাৰিলে তেওঁলোকে অষ্ট্রেলিয়া এৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় তথা অন্তিমখন প্রস্তুতি মেচ খেলিব পাৰিব৷ অৱশ্যে অষ্ট্রেলিয়া চৰকাৰ আৰু ক্রিকেট অষ্ট্রেলিয়াই খেলুৱৈৰ বাবে নির্ধাৰণ কৰা ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইন নীতি শিথিল কৰিলেহে এয়া সম্ভৱ হ’ব৷

You might also like