নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ আপ চৰকাৰৰ ঘোষণাঃ বিনামূলীয়া ৰেচন অ’টো–টেক্সিচালকক পাঁচ হাজাৰ টকা

নিয়মীয়া বাৰ্তা, ৫ মেঃ ক’ভিড–১৯ৰ সংহাৰী ৰূপৰ পৰিপ্রেক্ষিতত দিল্লীৰ আপ চৰকাৰে ৭২ লাখ ৰেচনকার্ড প্রাপ্ত হিতাধিকাৰীক দুমাহৰ বিনামূলীয়া ৰেচন যোগান ধৰিব৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে আজি ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে হাহাকাৰৰ সন্মুখীন হোৱা জনগণৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা বুলি ঘোষণা কৰে৷ তদুপৰি মুখ্যমন্ত্রী কেজৰিৱালে এককালীনভাৱে চহৰখনৰ অটো, ই–ৰিক্সা, টেক্সি চালকক পাঁচ হাজাৰ টকা বিত্তীয় সাহাস্য হিচাপে আগবঢ়াব বুলি ঘোষণা কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে দুমাহৰ বাবে বিনামূলীয়া ৰেচন আৰু অটো, ই–ৰিক্সা, টেক্সিচালকক বিত্তীয় সাহায্য প্রদান কৰাৰ অর্থ এয়া নহয় যে দুমাহৰ কাৰণে লকডাউন বলৱৎ হৈ থাকিব৷

You might also like