নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ হটস্পটত পৰিণত গুৱাহাটীৰ ৮ ৱার্ড

জিলা প্রশাসনে চিহ্ণিত কৰা হটস্পটৰ তালিকাত ৩–৮–১৪–১৬–২৪–২৮–২৯–৩১নং ৱার্ড

নিয়মীয়া বাৰ্তা ৫ মেঃ  দেশজুৰি ক’ভিড–১৯এ ভয়াৱহ ৰূপ লৈছে৷ ঘাতক ভাইৰাইছ ক’ভিড–১৯ৰ সংহাৰে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ২০টা দিনৰ ভিতৰতে ১০০ৰো অধিক লোকৰ প্রাণ কাঢ়ি নিছে৷ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা৷ বিগত ২০টা দিনত গুৱাহাটী মহানগৰীত সর্বমুঠ ১৭,৬৯০জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ গুৱাহাটীত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰৰ নির্দেশমর্মে জিলা প্রশাসনে মহানগৰীত সর্বাধিক আক্রান্ত হোৱা ৮টা অঞ্চল চিনাক্ত কৰি উলিয়াইছে৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে, ক’ৰোনাৰ হটস্পটৰ তালিকাত আছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু ৩১নং ৱার্ড৷ হটস্পটৰ তালিকাত থকা অঞ্চলকেইটাৰ পৰা যাতে ক’ভিডৰ সংক্রমণ ৰোধ কৰিব পৰা যায় তাৰ বাবে জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ শীঘ্রেই এই অঞ্চলসমূহত চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি কণ্টেইনমেণ্ট জ’নৰ ব্যৱস্থা কৰিব জিলা প্রশাসনে৷

২৮নং ৱার্ডত সর্বাধিক ৭২৩গৰাকী

কামৰূপ মহানগৰ জিলা প্রশাসনে প্রকাশ কৰা তথ্য অনুসৰি যোৱা ২৭ এপ্রিলৰ পৰা ৩ মে’লৈকে ২৮নং ৱার্ডত সর্বমুঠ ৭২৩গৰাকী লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ গুৱাহাটী মহানগৰীৰ ভিতৰত সর্বাধিক লোক আক্রান্ত হৈছে ২৮নং ৱার্ডত৷ উক্ত ৱার্ডটোক সামৰি লোৱা অঞ্চলকেইটা হৈছে– বেলতলা, বশিষ্ঠ, মৈদামগাঁও, বৰমটৰীয়া৷

১৬নং ৱার্ডত ৫০৬গৰাকী

এসপ্তাহৰ ভিতৰতে ৫০৬গৰাকী ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যাৰে দ্বিতীয় স্থানত আছে ১৬নং ৱার্ড৷ জিলা প্রশাসনে এই ৱার্ডৰ অন্তর্গত ফটাশিল আমবাৰী, ভাস্কৰনগৰ, বর্ষাপাৰা আৰু ধীৰেনপাৰা অঞ্চলত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা প্রকাশ কৰিছে৷

৮নং ৱার্ডত ৪১৯গৰাকী

ক’ভিড–১৯ত ৪০৯গৰাকী লোক আক্রান্তৰ সংখ্যাৰে তৃতীয় স্থানত আছে ৮নং ৱার্ড৷ উক্ত ৱার্ডটোৰ ভূতনাথ, কুমাৰপাৰা, এ টি ৰোড, মাছখোৱা আৰু আঠগাঁও অঞ্চলত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ তথ্য প্রকাশ কৰিছে জিলা প্রশাসনে৷

৩১নং ৱার্ডত ৩৩৪গৰাকী

৩৩৪গৰাকী ক’ভিড পজিটিভ লোকেৰে চতুর্থ স্থানত আছে মহানগৰীৰ ৩১নং ৱার্ড৷ এসপ্তাহতে অঞ্চলটোত ৩০০ শতাধিক লোক আক্রান্ত হোৱাত উদ্বিগ্ণ হৈ পৰিছে জিলা প্রশাসন৷ উক্ত ৱার্ডটোৰ খানাপাৰা, পাঞ্জাবাৰী, ছয়মাইল, দ্বাৰন্ধা আৰু বাঘৰবড়ি অঞ্চলত ক’ভিড–১৯ত আক্রাম্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷

২৯নং ৱার্ডত ৩২৮গৰাকী

এসপ্তাহতে ৩২৮গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে ২৯নং ৱার্ডত৷ উক্ত ৱার্ডটোৱে সামৰি লোৱা অঞ্চলকেইটা হৈছে– হাতীগাঁও, সিজুবাৰী, নটবমা আৰু ভেটাপাৰা৷

১৪নং ৱার্ডত ৩১৮গৰাকী 

১৪নং ৱার্ডৰ ৩১৮গৰাকী লোক এসপ্তাহতে ক’ৰোনাত আক্রান্ত হৈছে৷ এই ৱার্ডটোৰ অঞ্চলকেইটা হৈছে– উলুবাৰী, ৰিহাবাৰী, মহাদেৱপুৰ, বাণী নগৰ, ডি জি পি কমপ্লেক্স, বিলপাৰ, মণিপুৰীবস্তি আৰু ছলাপাৰা৷

৩নং ৱার্ডত ২৯৩গৰাকী

২৭ এপ্রিলৰ পৰা ৩ মে’লৈকে ৩নং ৱার্ডত ২৯৩গৰাকী লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ ক’ৰোনাত আক্রান্ত হোৱা উক্ত ৱার্ডৰ অঞ্চলকেইটা হৈছে ক্রমে মালিগাঁও, পাণ্ডু, ৰেষ্ট কেম্প কলনী, ৱাটাৰ ৱর্কছ ৰে’লৱে কলনী, টেম্পলঘাট কলনী আৰু বড়িপাৰা৷

২৪নং ৱার্ডত ২৮১গৰাকী

২৪নং ৱার্ডত এসপ্তাহত ২৮১গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ উক্ত ৱার্ডটোৰ ক’ভিডত আক্রান্ত হোৱা অঞ্চলকেইটা হৈছে– নাৰেংগী, ফৰেষ্টগেট, বোন্দা আৰু পাথৰকোঁৱেৰী৷

You might also like