নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ এণ্টিবডী লৈ জন্ম পালে কন্যা শিশু, আমেৰিকাত যুগান্তকাৰী ঘটনা

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ দ্বিতীয় জোৱাৰ আৰম্ভ হৈছে ভাৰতত। ইয়াকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে কথা-বাৰ্তাও হৈছে। এনে সময়তে ক’ৰোনাক লৈ বিশ্বত ঘটিছে এক বিশেষ ঘটনা।

আমেৰিকা যুক্তৰাষ্ট্ৰত এটি নৱজাতকৰ তেজত ক’ৰোনা ভাইৰাছৰ এণ্টিবডী পোৱা গৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ মতে, দক্ষিণ ফ্লৰিডাৰ এগৰাকী ৩৬ সপ্তাহৰ গৰ্ভৱতী মহিলাই মাৰ্দানা COVID-19 ভেকচিন লৈছিল আৰু তিনি সপ্তাহ পিছত তেওঁ এটা স্বাস্থ্যৱান কন্যা শিশুৰ জন্ম দিছিল।

চিকিৎসকসকলে কেঁচুৱাটোৰ তেজ পৰীক্ষা কৰোঁতে  ক’ৰোনা এণ্টিবডী ধৰা পৰে। এইক্ষেত্ৰত এগৰাকী চিকিৎসকে কয়-  ‘আমি প্ৰমাণ পাইছো যে মাৰ্দানাৰ COVID-19 ভেকচিন লোৱাৰ পিছত ফ্লৰিডাৰ এগৰাকী মাতৃয়ে  নৱজাতকৰ শৰীৰলৈ এণ্টিবডী স্থানান্তৰ কৰিছে।’

উল্লেখ্য যে এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ঘটনা, য’ত কৰোনা ভাইৰাছ এণ্টিবডীৰ সৈতে কোনো কেঁচুৱাই জন্ম লাভ কৰিছে। 

You might also like