নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড সন্দর্ভত প্রধানমন্ত্রী মোদীলৈ পৰামর্শ এইচ ডি দেৱেগৌড়াৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্রিলঃ দেশত ক’ভিড মহামাৰীৰ সংক্রমণ হ্রাস কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এলানি পৰামর্শ আগবঢ়াইছে প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াই৷

কালি প্রধানমন্ত্রী মোদীলৈ দেৱেগৌড়াই লিখা এখন পত্রত উল্লেখ কৰা হৈছে যে সকলো নাগৰিককে বিনামূলীয়া ভেকচিন প্রদান কৰিব লাগিব৷ বিনামূলীয়াকৈ ভেকচিন প্রদান কৰিলে চৰকাৰৰ এক মহান মানৱীয় নিদর্শন প্রতিফলিত হ’ব বুলিও দেৱেগৌড়াই পত্রখনত উল্লেখ কৰিছে৷

কেন্দ্রীয় চৰকাৰৰ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত সকলো ধৰণৰ ইতিবাচক পদক্ষেপক সমর্থন কৰি যাব বুলিও পত্রখনত প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে৷

লক্ষণীয়ভাৱে সকলো নির্বাচিত প্রতিনিধিয়ে নিজ নিজ সমষ্টিত জনসাধাৰণক ক’ভিড ভেকচিন প্রদানৰ ক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰিব লাগিব বুলিও পত্রখনত উল্লেখ কৰা হৈছে৷

স্মর্তব্য যে ইয়াৰ পূর্বে প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙেও মোদীলৈ এলানি পৰামর্শ আগবঢ়াই ক’ভিড যুঁজত অগ্রাধিকাৰ দিবলৈ আহ্বান জনাইছিল৷

You might also like