নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সৰ গির্জাত ইছলামিষ্ট সন্ত্রাসবাদীৰ আক্রমণ, নিহত তিনি

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ ইছলামিষ্ট সন্ত্রাসবাদীয়ে ফৰাচী চহৰ নিচৰ নট্রে–ডেম গির্জাত সংঘটিত কৰা এক ভয়াৱহ আক্রমণৰ ঘটনাত তিনিগৰাকী লোক নিহত হৈছে৷ চহৰখনৰ মেয়ৰ খ্রীষ্টিয়ান এষ্ট্র’চিয়ে উল্লেখ কৰা অনুসৰি নিচৰ হূদপিণ্ডস্বৰূপ ঐতিহাসিক গির্জাটোত সন্ত্রাসবাদীয়ে চোকা অস্ত্রৰে আক্রমণ কৰাৰ পূর্বে ‘আল্লা হু আকবৰ’ বুলি চিঞৰিছিল৷ উল্লেখনীয় যে গির্জাৰ মূল ভৱনৰ দায়িত্বত থকা এগৰাকী লোকক প্রথমে ছুৰীৰে আঘাত কৰাৰ পাছত মহিলা এগৰাকীক শিৰশ্ছেদ কৰে সন্ত্রাসবাদীটোৱে৷ ইয়াৰ পাছত পুনৰ এজন লোকক আক্রমণ কৰি হত্যা কৰে সন্ত্রাসবাদীটোৱে৷ এই ঘটনাৰ পাছতে অৱশ্যে গির্জাত উপস্থিত লোকসকলৰ সহযোগত আৰক্ষীয়ে সন্ত্রাসবাদীটোক গ্রেপ্তাৰ কৰিছে৷ কট্টৰ ইছলামিষ্টৰ বিৰুদ্ধে ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি হুংকাৰ দিয়াৰ পাছতে সন্ত্রাসবাদীয়ে এই আক্রমণ সংঘটিত কৰিছে৷ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ এই ঘটনাৰ পাছতে ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে দেশৰ বিৰুদ্ধে আহি পৰা সন্ত্রাসবাদীৰ যিকোনো ভাবুকিৰ মোকাবিলা কঠোৰভাৱে কৰা হ’ব বুলি উল্লেখ কৰিছে৷

You might also like