নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদূষণ সৃষ্টিকাৰীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ

নতুন অধ্যাদেশ জাৰিঃ ৫ বছৰ কাৰাদণ্ড, ১ কোটি টকা জৰিমনা

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ মানৱ সৃষ্ট প্রদূষণ অপৰাধ হিচাপে গণ্য কৰিবলৈ কেন্দ্রীয় চৰকাৰে কালি নিশা এক গুৰুত্বপূর্ণ অধ্যাদেশ জাৰি কৰিছে৷ প্রদূষণ সৃষ্টিক এই অধ্যাদেশ অনুসৰি অপৰাধ হিচাপে চিহ্ণিত কৰা হ’ব৷ এই অপৰাধৰ বাবে দোষী ব্যক্তিয়ে লাভ কৰিব কাৰাদণ্ড৷ আনকি জীৱ জগতৰ বাবে হানিকাৰক এনে প্রদূষণ সৃষ্টিৰ বাবে দোষী ব্যক্তিয়ে পাঁচ বছৰ পর্যন্ত কাৰাদণ্ড লাভ কৰিব পাৰে৷ ইফালে এক কোটি টকা পর্যন্ত জৰিমনা বিহা হ’ব ভয়াৱহ প্রদূষণ সৃষ্টিত জগৰীয়া বুলি চিহ্ণিত ব্যক্তিক৷ কালি নিশা ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে এই অধ্যাদেশখনত অনুমোদন জনাইছে৷ ইয়াৰ পূর্বে চলিত সপ্তাহৰ আৰম্ভণিতে খেতি পথাৰত আৱর্জনা জ্বলোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিব লাগে বুলি দাখিল হোৱা এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (পিআইএল) শুনানি গ্রহণৰ সময়ত ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে কেন্দ্রীয় চৰকাৰে দিল্লী তথা ৰাষ্ট্রীয় ৰাজধানী অঞ্চলত বায়ু প্রদূষণ সৃষ্টিত প্রতিৰোধ লগাবলৈ কেন্দ্রীয় চৰকাৰে শীঘ্রে এখন আইন প্রণয়ন কৰিব৷ মেহতাই শীর্ষ আদালতখনক এই আহ্বানো জনাইছিল যে প্রাক্তন বিচাৰপতি মদন বি লকুৰৰ এজনীয়া পেনেলে খেতি পথাৰৰ আৱর্জনা জ্বলোৱা বিষয়টোত নজৰ ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ উল্লেখনীয় যে নতুন এই অধ্যাদেশ অনুসৰি এয়াৰ কোৱালিটী মেনেজমেণ্টৰ ক্ষেত্রত এক আয়োগ গঠন কৰা হয়৷ এই আয়োগে ৰাষ্ট্রীয় মহানগৰ অঞ্চলকে ধৰি দিল্লী, হাৰিয়ানা, পঞ্জাব, উত্তৰ প্রদেশ আৰু ৰাজস্থানৰ বায়ু প্রদূষণ সৃষ্টিৰ কাৰকবোৰ চিহ্ণিত কৰি ইয়াৰ মোকাবিলা কৰিব৷ আয়োগে জাৰি কৰা নির্দেশনা অমান্য কৰিলে তাক শাস্তিমূলক অপৰাধ হিচাপে গণ্য কৰা হ’ব বুলিও অধ্যাদেশখনত উল্লেখ কৰা হৈছে৷ এই আয়োগৰ অধ্যক্ষ বাছনি কৰিব পৰিৱেশ আৰু বনমন্ত্রীৰ নেতৃত্বাধীন এক কমিটীয়ে৷ লক্ষণীয়ভাৱে এই কমিটীত পৰিবহণ, বাণিজ্য, বিজ্ঞান আৰু প্রযুক্তি দপ্তৰৰ মন্ত্রীকেইগৰাকীৰ উপৰি কেবিনেট সচিব সদস্য হিচাপে থাকিব৷

You might also like