নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৰুৱনন্তপুৰমত আজি ভাৰত-নিউজিলেণ্ডৰ অন্তিম টি–২০

নিউজ ডেস্ক, ৩১ জানুৱাৰী : টি–২০ বিশ্বকাপৰ পূর্বে অন্তিমখন মেচত ভাগ ল’ব টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডে৷ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন মেচ আজি তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব৷

মন কৰিবলগীয়া যে অহা ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপৰ পূর্বে দুয়োটা দলৰ এইখনেই হ’ব অন্তিমখন মেচ৷ সেয়েহে ভাৰতৰ লগতে নিউজিলেণ্ডেও আজিৰ মেচখনক গুৰুত্বসহকাৰে লৈছে৷ ভাৰতীয় দলটোৱে আজি মেচখনত অন্তিমবাৰৰ বাবে পৰীক্ষা–নিৰীক্ষা চলাব৷

শৃংখলাটোৰ ইতিমধ্যে হৈ যোৱা প্রথম চাৰিখন মেচত দুর্বল বেটিং প্রদর্শন আগবঢ়োৱা ছেমছনক লৈ কিছু চিন্তিত হৈ পৰিছে দলীয় মেনেজমেণ্ট৷ অৱশ্যে আজি এই মেচখনত সঞ্জুৱে বিস্ফোৰক ইনিংছ খেলি বিশ্বকাপলৈ নিজকে সাজু কৰি তুলিব বুলি আশা ব্যক্ত কৰিছে দলীয় মেনেজমেণ্টে৷

আজিৰ মেচখনত চতুর্থখন টি–২০ত খেলা দলটোৰে অৱতীর্ণ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি ভাৰতীয় দলটোৰ অধিনায়ক সূর্য কুমাৰ যাদৱে কয় যে মেচখন আমাৰ বাবে বিশেষ গুৰুত্বপূর্ণ নহয় যদিও বিশ্বকাপৰ প্রস্তুতি হিচাপে আমি মেচখনক গুৰুত্বসহকাৰে লৈছোঁ৷ খেলৰ সময় : নিশা ৭ বজা৷

You might also like