নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ সৈতে প্ৰেম, নিজকে বিয়া পাতিব ওলোৱা কোন এইগৰাকী গুজৰাটী যুৱতী, এনে বিয়াৰ কেনে বিধি

বিশেষ বাৰ্তা, ৩ জুনঃ কালিৰে পৰা তেওঁৰ বিয়াখনক লৈ চলিছে বৰকৈ চৰ্চা। ১১ জুনত এইগৰাকী যুৱতীৰ বিয়াৰ সকলো আয়োজন প্রায় সম্পূৰ্ণ হৈছে। ডিজিটেল কার্ডো ছপোৱা হৈছে। গুজৰাটৰ বৰোদৰাৰ ক্ষমা বিন্দু নামৰ ছোৱালীজনীয়ে বিয়া পাতিব নিজৰ সৈতেই।
ক্ষমা বিন্দু কোনঃ
ক্ষমাৰ বয়স ২৪। তেওঁ নিজকেই সবাতোকৈ বেছি ভালপায়। প্রেমত পৰিলে সাধাৰণতে প্ৰেমাস্পদৰ পৰা যি যি প্রত্যাশা কৰা হয় তেওঁ সেই প্রত্যাশা ৰাখে কেৱল নিজৰ পৰাই। সেইবোৰ পূৰণ কৰাৰ প্রতিশ্রুতিও দিবলৈ বিচাৰে নিজেকেই। সেয়ে নিজকে বিয়া কৰোৱাৰ ইচ্ছা প্রকাশ কৰিছে তেওঁ।
সমাজৰ প্রচলিত ধাৰণা ভাঙি এই সিদ্ধান্ত লৈছে যেতিয়া নানা বাধা-বিপত্তিতো আহিবই। সমাজবিদ্যাত স্নাতক কৰাৰ পাছত এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী ক্ষমা। দেউতাক থাকে দক্ষিণ আফ্রিকাত, মাক থাকে আহমেদাবাদত। মাক-দেউতাকক এই বিয়াখনৰ বাবে ৰাজি কৰাবলৈ ঘণ্টাৰ পাছত ঘণ্টা সময় লাগিছে। অৱশেষত তেওঁলোকে সন্মতি দিছে। বন্ধুৰ উপস্থিতিত বিয়াখন পাতিব তেওঁলোকে। মাক-দেউতাক থাকিব ভিডিঅ’ কলত।


ক্ষমাই নিজৰ বাবে এযোৰ লেহেংগাও কিনিছে। সকলো নীতি-নিয়ম মতে বিয়া পাতিব বিচাৰিছে ক্ষমাই। বৰ কষ্টৰে এজন পুৰোহিতকো ৰাজি কৰিব পাৰিছে। বিয়াৰ মণ্ডপ সজোৱা হ’ব নিয়মমতে।
কেৱল বিয়াই নহয়, মধুচন্দ্রিকাৰ পৰিকল্পনাও আছে ক্ষমাৰ। তেওঁ গোৱা যোৱাৰ সকলো ব্যৱস্থাও কৰি পেলাইছে।
বিয়াৰ নিয়মঃ

ভাৰতত এনে বিয়া এইখনে প্রথম হ’লেও বিদেশত কিন্তু এনে বিয়া বহু বছৰৰ পৰা আৰম্ভ হৈছে। ব্রাজিলৰ ছুপাৰ মডেল আদ্রিয়ানা লিমাই ২০১৭ চনত নিজকে বিয়া পাতিছিল। প্রসংগক্ৰমে উল্লেখনীয় যে, এনে বিয়াৰ কোনো আইনী পদক্ষেপ নাই, এধৰণৰ আচাৰ মাত্র। আইনৰ কোনো নথিতে ‘বিবাহিত’ লিখাৰ কোনো বাধ্যতা নাই এই ধৰণৰ বিয়াৰ ক্ষেত্রত।

You might also like