নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্ত্যতে স্বর্গ! পাহাৰৰ বুকুত নীলা ফিটা এডাল যেন অলকানন্দা

বিশেষ বাৰ্তা, ৩ জুনঃ এইখন যেন নদী নহয়, কোনোৱে নীলা ৰং গুলি ঢালি দিছে পাহাৰৰ মাজেৰে। ফটো দেখিলে তেনেই ভাব হৈছে। ছ’চিয়েল মিডিয়াত সেই ফটোখন ভাইৰেল হোৱাৰ পাছতে হৃদয় ভাঁহি গৈছে নেটিজেনৰ। উত্তৰাখণ্ডৰ নীলা অলকানন্দা নদীৰ ফটো দেখি সকলোৱে কৈছে- মৰ্ত্যতে স্বর্গ। স্বর্গৰে বাট! নহ’লে এনে নিখুঁত নীলা সম্ভৱ জানো! বালি-শিলৰ টুকুৰাই এটাও দাগ নেপেলাই নে এই নদীৰ বুকুত! সম্ভবত ড্রোনৰ সহায়ত কিছু ওপৰৰ পৰা তোলা হৈছে এই ফটোখন। দেখা গৈছে, দেৱপ্রয়াগত ভগীৰথীৰ সৈতে আহি মিলি গৈছে অলকানন্দাৰ নীলা ধাৰা। কেন্দ্রীয় চৰকাৰৰ ‘অমৃত মহোৎসৱ’ কু হেণ্ডেলৰ পৰা পোষ্ট কৰা হৈছে ফটোখন। ইয়াৰ পাছত সেই ফটোখন টুইট কৰিছে আনন্দ মহিন্দ্রাই। কিছুক্ষণতেই ভাইৰেল হৈছে ফটোখন। হেজটেগ ‘পিক অৱ দ্য ডে’, অর্থাৎ দিনটোৰ শ্ৰেষ্ঠ ফটো।

You might also like