নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত বিপুল পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক এজন

ডিজিটেল ডেস্ক, মানকাচৰ, ২৫ এপ্ৰিল : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত লাভ কৰিছে এক বৃহৎ সফলতা। জিলাখনৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুছুনীমাৰাৰ এইচ এম ৰোডত যোৱানিশা আৰক্ষীয়ে চলোৱা এক অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

গোপন সূত্ৰৰ পম খেদি যোৱানিশা প্ৰায় ১০:৩০ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বৰ্ডাৰ ডি এছ পি কিশোৰ পাটোৱাৰীৰ নেতৃত্বত মানকাচৰ আৰক্ষীৰ এটা দলে কুছুনীমাৰাত এক তালাচী অভিযান চলাইছিল। এই অভিযান কালত আৰক্ষীয়ে বাইকত অহা এজন যুৱকক সন্দেহবশতঃ আটক কৰে আৰু তেওঁৰ পৰা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে।

অভিযানকাৰী দলটোৱে সৰবৰাহকাৰীটোৰ পৰা ১৪৪০টা নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে AS-17 K-1571 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে। আৰক্ষীৰ হাতত আটক হোৱা সৰবৰাহকাৰীটো মানকাচৰ থানাৰ অধীনস্থ ২নং পূবেৰ গাঁৱৰ আব্দুল বাতেনৰ পুত্ৰ নয়ন আলী বুলি চিনাক্ত কৰা হৈছে।

মানকাচৰ আৰক্ষীয়ে ধৃত নয়ন আলীক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

You might also like