নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত আৰটেক্সডি টেক্সটাইলৰ মহিলা শিপিনীক স্ব-নিৰ্ভৰশীল কৰিবলৈ প্ৰয়াস

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ মহিলা শিপিনীসকলক স্ব-নিৰ্ভয়শীল কৰিবলৈ প্ৰয়াস কৰি অহা আৰটেক্সডি টেক্সটাইল উদ্যোগৰ সহযোগত আজি মৰিগাঁও নগৰৰ ন-ভেটিত এটা হস্ততাঁতৰ উদ্যোগ উদ্বোধন কৰা হয়।

নেডফিৰ মুখ্য প্ৰবন্ধক অলি বৰাই উদ্বোধন কৰা হস্ততাঁত উদ্যোগটোৰ উদ্বোধনী অনুষ্ঠানত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা,জিলা সমাজ কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়ক সত্যেন কোঁৱৰ,জিলা ৰেচম বিভাগৰ সহায়ক পংকজ বৰা,জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথ,উপ-সভাপতি জগদীশ নাথ, মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা, আৰটেক্সডি টেক্সটাইলৰ স্বত্বাধিকাৰ মেৰী দেৱী,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হুমেশ্বৰ বৰদলৈকে আদি কৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।

আৰটেক্সডি টেক্সটাইলৰ উদ্যোগ প্ৰবন্ধক প্ৰশান্ত কুমাৰ নাথে উদ্যোগটোৰ উদ্বোধন সন্দৰ্ভত কয়- এই উদ্যোগটোৰ জৰিয়তে মহিলা শিপিনীসকলক স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্রত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে । মহিলাসকলে অবাবত সময় নষ্ট নকৰি কৰ্মৰ উদ্যমিতা বৃদ্ধিৰে যাতে আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হয় সেই বিষয়ত সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে ।

তদুপৰি হাতে বোৱা কাপোৰৰ চাহিদা বৃদ্ধি কৰি আন্তঃৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় স্তৰসমূহতো হস্ততাঁত বয়ন শিল্পই যাতে সমাদৰ লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অনলাইনৰ জৰিয়তেও বাণিজ্যিকীকৰণৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে।

You might also like