নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৭ বছৰ বয়সত হাইস্কুল পাছ কৰিলে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

বিশেষ বাৰ্তা,১১ মেঃ বয়স যে মাত্ৰ এটা সংখ্যা, সেয়া আকৌ প্রমাণ কৰিছে হাৰিয়ানাৰ প্রাক্তন মুখ্যমন্ত্রী ওমপ্রকাশ চৌটালাই। লিখা-পঢ়াৰ ইচ্ছা থাকিলেও জীৱনৰ উত্তান-পতনৰ বাবে স্কুলৰ দুৱাৰ গচকাৰ স্বাদ আধৰুৱা হৈ থাকি গৈছিল। কিন্তু শেষত ৮৭ বছৰ বয়সত হ’লেও দশম আৰু দ্বাদশৰ পৰীক্ষা দিলে ওমপ্রকাশ চৌটালাই। কেৱল তাকেই নহয়, ইংৰাজীত তেওঁ পালে ১০০-ৰ ভিতৰত ৮৮ নম্বৰ। অন্যান্য বিষয়তো ভাল নম্বৰ লাভ কৰিছে প্রাক্তন মুখ্যমন্ত্রীজনে। হাৰিয়ানাৰ খবৰ হ’লেও এই ঘটনাই অনুপ্রেৰণা যোগাইছে গোটেই দেশক। বহুতেই তেওঁক অভিনন্দন জনাইছে। প্ৰাক্তন মুখ্য়মন্ত্ৰীজনৰ এই সফলতাত বিশেষভাবে আপ্লুত ‘দশভি’ ছবিৰ দুই অভিনেতা অভিষেক বচ্চন আৰু নীমৰত কৌৰ। আচলতে সেই ছবিখনো তেনে এক অনুপ্রেৰণাৰে কাহিনী। ছবিখনতো কাৰাগাৰত বহি এজন ৰাজনীতিবিদৰ দশম শ্রেণীৰ পৰীক্ষা দিয়াৰ প্রসংগ আছে। অশিক্ষিত, দুর্নীতিগ্রস্ত সেই চৰিত্রই বন্দিত্বৰ জীৱনতেই বিচাৰি লৈছিল সঠিক পথ। যোৱা মাহত নেটফ্লিক্সত মুক্তি পাইছে অভিষেক আৰু নীমৰত অভিনীত ‘দশভি’। তাৰ পাছতেই ওমপ্রকাশৰ সফল প্রয়াস।

You might also like