নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আল-জাজিৰাৰ সাংবাদিকক মুখতে গুলিয়ালে ইজৰাইলী সেনাই

বিশেষ বাৰ্তা, ১১ মেঃ ইজৰাইলী সেনা বাহিনীৰ হাতত নিহত হৈছে সংবাদ প্ৰতিষ্ঠান আল-জাজিৰাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক। ছিৰীণ আবু আকলেহে এটা অভিযানৰ সংবাদ ক’ভাৰ কৰিবলৈ যোৱাৰ সময়তে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আল-জাজিৰাৰ তৰফৰ পৰা অভিযোগ কৰা হৈছে যে ইজৰাইলী সেনাই ইচ্ছাকৃতভাবে আৰু শীতল মস্তিষ্কৰে সাংবাদিকগৰাকীক হত্যা কৰিছে। আনহাতে, কাটাৰ চৰকাৰৰ এগৰাকী মন্ত্ৰীয়েও প্ৰকাশ কৰিছে যে প্ৰেছৰ প্ৰতীক সম্বলিত পোছাকত থকাৰ পাছতো সাংবাদিকগৰাকীক মুখতে গুলিওৱা হৈছে। কিন্তু এই ঘটনাত তাতক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইজৰাইলী প্ৰধানমন্ত্ৰীয়ে কৈছে যে পেলেস্তাইনৰ বন্দুক চালনাতহে সাংবাদিকগৰাকীৰ প্ৰাণহানি হৈছে। ৫১ বছৰীয়া পেলেস্তাইন খ্ৰীষ্টান সাংবাদিকগৰাকী সংবাদ প্ৰতিষ্ঠানটোৰ আৰবিক সংবাদ সেৱাৰ পৰিচিত মুখ আছিল।

You might also like