নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত উদ্ধাৰ দুটাকৈ কেটেলা পহু; আটক ৪

নিয়মীয়া বাৰ্তা, ১১ মেঃ ৰঙিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰিলে দুটাকৈ কেটেলা পহু । ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি উত্তৰ প্ৰদেশলৈ অবৈধভাৱে লৈ গৈ থকা অৱস্থাত কেটেলা পহু দুটা উদ্ধাৰ কৰে । আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযানকাৰী দলটোৱে ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰৰ এখন গাড়ীত তালাচি চলায় । তালাচিৰ সময়ত গাড়ীখনত দুটাকৈ দুস্প্ৰাপ‍্য বনৰীয়া কেটেলা পহু উদ্ধাৰ হয় । পহু দুটা সৰবৰাহ কৰাৰ বাবে আৰক্ষীয়ে ঠাইতে চাৰিজন ব‍্যক্তিক আটক কৰে। আটক হোৱা ব‍্যক্তি কেইজন উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ ছাকিব আলম , সৌৰভ পাশা , মহম্মদ আলী , মুহম্মদ মাহৰুফ বুলি জানিব পৰা গৈছে। কেটেলা পহু দুটাৰ আনুমানিক বজাৰ মূল্য পাঁচ লাখ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ৰঙিয়া আৰক্ষীয়ে বন বিভাগৰ লগত ইতিমধ্যে যোগাযোগ কৰি পহু দুটা গতাই দিয়াৰ ব‍্যৱস্থা কৰিছে । মুক্ত বজাৰত বিক্ৰী নিষিদ্ধ দুস্প্ৰাপ‍্য বনৰীয়া কেটেলা পহু দুটা ব‍্যক্তিকেইজনে ক’ৰ পৰা আনিলে সেই বিষয়ে ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ।

You might also like