নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ বছৰৰ মূৰত সৰ্বাধিক বৰষুণ দিল্লীত

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ এনেই হাড় কঁপোৱা জাৰ, তাতেই শণিবাৰে প্ৰচণ্ড বৃষ্টিপাত। দিল্লীত কালি পুৱাৰে পৰা হোৱা মুষলধাৰ বৃষ্টিপাত গোটেই নিশা অব্যাহত থকাৰ ফলত চহৰখনৰ বিভিন্ন অঞ্চলত পানী জমা হৈছে।

যোৱা ১৩ বছৰৰ মূৰত জানুৱাৰী মাহত সৰ্বাধিক বৰষুণ লাভ কৰিছে চহৰখনে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ৱেৱচাইটৰ পৰা লাভ কৰা তথ্যৰ আধাৰত এই কথা সদৰি হৈছে। এই বৰষুণৰ বাবে বায়ুৰ গুণগত মান আৰু অধিক বেয়া হৈছে। পাৰাস্তম্ভৰ মানো যথেষ্ট তললৈ গৈছে চহৰখনত।

You might also like