ক’ৰোনাত ভাৰতত কিমান চিকিৎসকে হেৰুৱালে প্ৰাণ?
নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ দেশত ক’ভিড–১৯ মহামাৰীত এতিয়ালৈকে ১৬২গৰাকী চিকিৎসকে প্রাণ হেৰুৱাইছে৷ ইয়াৰ উপৰি ১০৭গৰাকী নার্ছ আৰু ৪৪গৰাকী আশা কর্মীৰো মৃত্যু হৈছে ক’ভিড–১৯ত৷
ৰাজ্যসভাত কালি এই তথ্য সদৰী হৈছে৷ ২২ জানুৱাৰী পর্যন্ত ৰাজ্যসমূহৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্রীয় স্বাস্থ্য দপ্তৰৰ ৰাজ্যিক মন্ত্রী অশ্বিনী কুমাৰ চৌবেই সংসদৰ উচ্চ সদনত এই কথা ঘোষণা কৰিছে৷
লক্ষণীয়ভাৱে ক’ভিড–১৯ মহামাৰীত জুন মাহৰ পিছত প্রথমবাৰলৈ দেশত কমসংখ্যক লোক আক্রান্ত হোৱা বুলি স্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১০ হাজাৰতকৈ কম লোক ক’ভিডত আক্রান্ত হৈছে৷