নাছাৰ ভাৰপ্রাপ্ত মুৰব্বীৰ দায়িত্বত ভাৰতীয় মূলৰ ভব্যা লাল
নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ ভাৰতীয় মূলৰ আমেৰিকান ভব্যা লালক মহাকাশ গৱেষণা সংস্থা নাছাৰ ভাৰপ্রাপ্ত মুৰব্বীৰ দায়িত্ব প্রদান কৰা হৈছে৷ অলপতে মার্কিন মহাকাশ গৱেষণা সংস্থাটোৱে লালক ভাৰপ্রাপ্ত মুৰব্বী (এক্টিং চীফ অফ ষ্টাফ) হিচাপে নিযুক্তি দিয়াৰ লগে লগে বহু ভাৰতীয় মূলৰ আমেৰিকান গর্বিত হৈছে৷
নাছাৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে ভব্যা লালে অভিযান্ত্রিক আৰু মহাকাশ প্রযুক্তিত যথেষ্ট অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০০৫ চনৰ পৰা ডিফেন্স এনালাইছিছ ছায়েন্স এণ্ড টেকন’লজী প’লিচী ইনষ্টিটিউট (এছটিপিআই)ৰ গৱেষণা গোটৰ এগৰাকী সদস্য হিচাপে দায়িত্ব পালন কৰিছিল ভব্যাই৷
জ’ বাইডেন প্রশাসনৰ তৰফৰ পৰা নাছা সন্দর্ভত গঠন কৰা পর্যালোচনা গোটৰো সদস্যৰ দায়িত্বত আছিল ভব্যা লাল৷