নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইজেৰিয়াত ৩০০ স্কুলীয়া ছাত্ৰী অপহৰণঃ আঁৰত জেহাদী সন্ত্ৰাসবাদী

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ সন্ত্ৰাসবাদৰ ৰম্যভূমিত পৰিণত হোৱা নাইজেৰিয়াত আজি ৩০০ স্কুলীয়া ছাত্ৰীক অপহৰণ কৰে এক সন্ত্ৰাসবাদী গোটে।

উত্তৰ পশ্চিম নাইজেৰিয়াৰ জানগেবে অঞ্চলত অৱস্থিত চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিজ্ঞান বিদ্যালয় নামৰ স্কুলখনত বন্দুকধাৰীয়ে ৩০০ ছাত্ৰীক অপহৰণ কৰে। অপহৰণ কাণ্ডৰ পৰা প্ৰায় ৫০গৰাকী ছাত্ৰীয়ে নিজকে বচাবলৈ সক্ষম হয়।

ঘটনাৰ পিছতে উপস্থিত হোৱা আৰক্ষী আৰু সাংবাদিকৰ ওপৰত স্থানীয় ক্ষুব্ধ ৰাইজে শিল নিক্ষেপ কৰাৰ ফলত এগৰাকী ফটো সাংবাদিক আহত হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য, বিগত তিনি মাহৰ ভিতৰত এয়া তৃতীয়টো ঘটনা ঘটিছে নাইজেৰিয়াত। ১১ ডিচেম্বৰত ৩০০ ছাত্ৰ, ১৬ ফেব্ৰুৱাৰীত ৪২গৰাকী লোকক অপহৰণৰ পিছত আজি ৩০০ ছাত্ৰীক অপহৰণ কৰে জেহাদী সন্ত্ৰাসবাদী গোটে।

You might also like