নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা গুৱাহাটীত চলচ্চিত্র উৎসৱ, কথাছবিৰ তালিকা চাওক

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ কাইলৈৰ পৰা আৰম্ভ হ’ব ১৩সংখ্যক আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র উৎসৱ। গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত অনুষ্ঠিতব্য এই চলচ্চিত্ৰ উৎসৱ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মার্চলৈ চলিব। প্ৰদৰ্শন কৰা হব দেশ-বিদেশৰ বহু খ্যাতিমান কথাছবি।

চলচ্চিত্র উৎসৱত জার্মানী, টিউনিচিয়া, ক্রৱেচিয়া, গ্রীচ, মেক্সিকো, বাংলাদেশৰ লগতে ভাৰতীয় চলচ্চিত্র শিতানত মালয়ালম ভাষাৰ চলচ্চিত্র ‘ডার্কনেছ’, হিন্দী ভাষাৰ ‘ম’চ’ আৰু ‘৪–চাম’ প্রদর্শন কৰা হ’ব৷

ইয়াৰ উপৰি প্রদ্যুৎ ডেকাৰ পৰিচালিত ‘চিয়াঁহীৰ ৰং’ চলচ্চিত্রখনৰ প্রিমিয়াৰ শ্ব’ প্রদর্শন কৰা হ’ব৷ বিশিষ্ট চলচ্চিত্র পৰিচালক সত্যজিৎ ৰায়ৰ নামত উৎসর্গিত এই চলচ্চিত্র উৎসৱত ‘পথেৰ পাচালি’ ছবিখন প্রদর্শন কৰা হ’ব৷

মহোৎসৱত মেঘালয়ৰ ৱালফ্রাংগ দিংদোৰ ‘লোর্নি– দ্য ফ্লানুৰ’ চলচ্চিত্রখন প্রদর্শনেৰে উৎসৱৰ সামৰণি মৰা হ’ব৷ ইচ্ছুকসকলে ৯৪৩৫০–৪৩৯০১, ৯৮৬৪০–২১২১০ আৰু ৯৪৩৫৩–৪৩২৭৪ নম্বৰত যোগাযোগ কৰিব পাৰিব৷

You might also like