নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হ’লেও, এতিয়াই বিশ্ৰাম নলয় প্ৰধানমন্ত্ৰী মোদীয়ে; ক’লে কাৰণ…

নিয়মীয়া বাৰ্তা, ১৩ মেঃ ২০২৪ চনত তেওঁ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে দেশক নেতৃত্ব দিব বিচাৰে। এই কথায়ে যেন ইংগিত দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৃহস্পতিবাৰে তেওঁ কয় যে এজন “জ্যেষ্ঠ” বিৰোধী নেতাই তেওঁক সুধিছিল যে তেওঁ দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হৈছে। তাৰ পিছত তেওঁৰ আৰু কি প্ৰাপ্ত থাকিব পাৰে? এই প্ৰশ্নৰ উত্তৰত মোদীয়ে কৈছিল যে যেতিয়ালৈকে ১০০ শতাংশ চৰকাৰী আঁচনি ৰূপায়ণ কৰিব পৰা নাযায়, তেতিয়ালৈকে তেওঁ বিশ্ৰাম নলয়।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰুচৰ ‘উৎকৰ্ষ সমাৰোহ’ত এক অনুষ্ঠানত ভাৰ্চুৱেল ভাষণ দি কয়, “মই এবাৰ এজন নেতাক লগ পাইছিলো। তেওঁ এজন অতি জ্যেষ্ঠ নেতা। তেওঁ মোৰ ৰাজনৈতিক বিৰোধী হ’ব পাৰে, কিন্তু মই তেওঁক সন্মান কৰোঁ। এদিন তেওঁ মোক লগ পাই বাৰ্তালাপ কৰিছিল। তাৰ পিছত তেওঁ ক’লে, “মোদীজী, আপুনি আৰু কি বিচাৰে?” দেশে আপোনাক দুবাৰকৈ প্ৰধানমন্ত্ৰী বনালে! তেওঁ ভাবিছিল যে দুবাৰ প্ৰধানমন্ত্ৰী হোৱাটো এটা ডাঙৰ সাফল্য। কিন্তু তেওঁ নাজানিছিল যে মোদী কিহৰ দ্বাৰা নিৰ্মিত… গুজৰাটৰ মাটিয়ে মোক নিৰ্মাণ কৰিছে। এতিয়াই মোৰ বিশ্ৰামৰ একো পৰিকল্পনা নাই।”

লগতে মোদীয়ে স্পষ্ট কৰি দিছিল যে তেওঁৰ লক্ষ্য হৈছে দেশত ১০০ শতাংশ চৰকাৰী আঁচনি ৰূপায়ণ কৰা।

You might also like