নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত বৃহৎ অঘটন ব্যর্থ কৰাত নিৰাপত্তা বাহিনীক প্রশংসা মোদীৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ২৬/১১ মুম্বাই আক্রমণৰ বার্ষিকীত ভয়ংকৰ কূটাঘাতৰ লক্ষ্যৰে পাকিস্তানৰ পৰা ভাৰত ভূমিত অনুপ্রৱেশ কৰা ৪ জইচ–ই–মহম্মদৰ দুর্ধর্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰা নিৰাপত্তা বাহিনীক ভূয়সী প্রশংসা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷

অলপতে জম্মু–কাশ্মীৰৰ নাগ্রতাত ৪ জইচৰ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র জব্দ কৰিবলৈ সক্ষম হোৱা নিৰাপত্তা বাহিনীক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– বৃহৎ অঘটন ব্যর্থ কৰিবলৈ সক্ষম হ’ল দেশৰ নিৰাপত্তা বাহিনী৷ নাগ্রতাত নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত সন্ত্রাসবাদীকেইটাৰ অভিসন্ধি পোহৰলৈ অহাৰ পাছত কালি প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক সচিব, সেনা শীর্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়৷

You might also like