নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত নকৰে প্রতিদ্বন্দ্বিতা, মমতা দিদিক সমর্থন জনাব শিৱসেনাই

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ মহাৰাষ্ট্রৰ শাসকীয় দল শিৱসেনাই পশ্চিমবংগৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে৷ ইয়াৰ বিপৰীতে ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্রেছক সমর্থন জনাব৷

শিৱসেনাৰ জ্যেষ্ঠ মুখপাত্র তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটে কালি এই ঘোষণা কৰিছে৷ অহা ২৭ মার্চৰ পৰা ৮টা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ নির্বাচনত শিৱসেনাই প্রতিদ্বন্দ্বিতা নকৰে বুলি কালি সাংসদ সঞ্জয় ৰাউটে টুইটাৰত ঘোষণা কৰি কয় যে শিৱসেনাই পশ্চিমবংগৰ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

মমতা বেনার্জীৰ সৈতে সহমর্মিতা প্রকাশেৰে তেওঁৰ দলক সমর্থন জনাব৷ টুইটাৰত তেওঁ এইবুলিও উল্লেখ কৰে যে পশ্চিমবংগৰ বিধানসভা নির্বাচন দিদি বনাম সকলো দলৰ মাজত৷

তদুপৰি সাংসদগৰাকীয়ে মমতা বেনার্জীৰ বিৰুদ্ধে ধন, বাহুবল আৰু সংবাদ মাধ্যমক ব্যৱহাৰ কৰি থকা বুলিও বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷

You might also like