নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰৰ পৰা দিল্লীত পুনৰ মুকলি হ’ব কার্যালয়, স্কুল–কলেজ

পৰিৱেশমন্ত্রী গোপাল ৰায়ৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ভয়ংকৰ বায়ু প্রদূষণৰ বাবে ১০ দিন পূর্বে বন্ধ হোৱা দিল্লীৰ স্কুল–কলেজসমূহ অহা সোমবাৰৰ পৰা পুনৰ মুকলি হ’ব৷ দিল্লীৰ পৰিৱেশমন্ত্রী গোপাল ৰায়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে৷ দিল্লীৰ জলবায়ুৰ অৱস্থা এতিয়াও যথেষ্ট শোচনীয় হৈ আছে যদিও তুলনামূলকভাৱে ইয়াৰ মান কিছু উন্নত হোৱা বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে সোমবাৰৰ পৰা ৰাজধানী চহৰখনৰ শৈক্ষিক প্রতিষ্ঠানসমূহৰ পাঠদান আৰু নিয়মীয়া কাম–কাজ পুনৰ আৰম্ভ হ’ব৷ শৈক্ষিক প্রতিষ্ঠানসমূহৰ লগতে চৰকাৰী কার্যালয়সমূহো সোমবাৰৰ পৰা পুনৰ মুকলি হ’ব বুলি গোপাল ৰায়ে ঘোষণা কৰে৷ অৱশ্যে কর্মচাৰীসকলক ব্যক্তিগত বাহনৰ পৰিৱর্তে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনাইছে৷

ইয়াৰ পূর্বে সোমবাৰে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰখনে ৰাজধানী চহৰখনত নির্মাণ কার্যৰ নিষেধাজ্ঞাও প্রত্যাহাৰ কৰিছিল৷ উল্লেখ্য যে পোহৰৰ উৎস দীপাৱলীৰ পিছৰে পৰা দিল্লীৰ জলবায়ু ক্রমাৎ বিষাক্ত হৈ পৰে আৰু ভয়ংকৰ বায়ু প্রদূষণৰ ফলত জনজীৱন স্তব্ধ হয়৷ ইফালে, দিল্লী চৰকাৰে সোমবাৰৰ পৰা চৰকাৰী কার্যালয় আৰু শিক্ষা প্রতিষ্ঠানসমূহ পুনৰ মুকলি হ’ব বুলি  ঘোষণা কৰাৰ পূর্বে উচ্চতম ন্যায়ালয়ে দিল্লীৰ প্রদূষণক লৈ পুনৰ এবাৰ উদ্বিগ্ণতা ব্যক্ত কৰে৷ সর্বোচ্চ ন্যায়ালয়ে কয় যে সম্প্রতি ৰাজধানী চহৰখনৰ প্রদূষণৰ মাত্রা কিছু হ্রাস পাইছে যদিও চৰকাৰ আৰু জনসাধাৰণে অধিক সজাগ হৈ চলা উচিত, যাতে এই ধৰণৰ অভাৱনীয় পৰিস্থিতি পুনৰ সৃষ্টি নহয়৷

You might also like