নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস ৰচনা কৰি মহাকুম্ভমেলাত কিন্নৰ সমাজে কৰিব শ্বাহী স্নান

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ সংগম নগৰী প্ৰয়াগৰাজত অনুষ্ঠিত হৈ আছে কুম্ভমেলা। এই কুম্ভমেলাতে এইবাৰ দেখা গ’ল এক বিৰল দৃশ্য। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কুম্ভমেলাত বৃহস্পতিবাৰে নাগা সন্যাসীৰ পঞ্চদশনাম জুনা আখৰা, অগ্নি আখৰাৰ লগত প্ৰত্যক্ষ কৰা যায় কিন্নৰ আখৰা।

এই তিনি আখৰাই কৰা শোভাযাত্ৰা প্ৰদৰ্শন কৰাৰ বাবে বীৰ দি বাট নোপোৱা অৱস্থাৰ সূচনা হয় কুম্ভমেলাস্থলীত। নপুংসক তথা কিন্নৰ আখৰাৰ নেতৃত্ব লৈছিল আচাৰ্য মহামণ্ডেশ্বৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে। কিন্নৰ আখৰাই এইবাৰ ধৰ্মধ্বজা স্থাপনৰ লগতে জুনা আখৰাৰ সৈতে পৱিত্ৰ স্নানত চামিল হ’ব।

শোভাযাত্ৰাৰ আগেয়ে লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে কয় যে নপুংসকসকলতকৈ আন কোনোৱে লিংগ বৈষম্য ভালদৰে উপলব্ধি কৰিব নোৱাৰে। তেওঁলোক সমাজৰ কটূক্তিৰ সন্মুখীন হয় আজিও। কিন্তু এই সকলো উপেক্ষা কৰি আজি কিন্নৰসকল আগবাঢ়ি গৈছে। সনাতন ধৰ্মই কিন্নৰসকলক সমদৃষ্টিৰে চাইছে, স্বয়ং মহাদেৱে লিংগ সমানতাৰ পোষকতা কৰিছিল।

উল্লেখ্য, অখিল ভাৰতীয় আখৰা পৰিষদে কিন্নৰ আখৰাক স্বীকৃতি দিয়া নাছিল। কিন্তু পৰিষদৰ মহামন্ত্ৰী শ্ৰীমহন্ত হৰিগিৰিৰ বিশেষ পদক্ষেপৰ বাবে জুনা আখৰাৰ লগত স্নান কৰাৰ অনুমতি লাভ কৰে কিন্নৰ আখৰাই।

You might also like