নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত সেনাৰ গুলীত নিহত ২ সন্ত্রাসবাদী

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ জম্মু–কাশ্মীৰৰ শ্রীনগৰৰ সমীপৱর্তী ৰণবীৰগড়ত নিৰাপত্তা বাহিনী আৰ সন্ত্রাসবাদী গোটৰ মাজত সংঘর্ষত দুই সন্ত্রাসবাদী নিহত হয়৷ গোপন সূত্রৰ পম খেদি ৰণবীৰগড়ত আত্মগোপন কৰি থকা সন্ত্রাসবাদী গোটৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান চলায়৷ সন্ত্রাসবাদী গোটটোৱে নিৰাপত্তা বাহিনীলৈ গুলীচালনা কৰাত অভিযানকাৰী দলটোৱেও উচিত প্রত্যুত্তৰ দিয়ে৷ কিছু সময় ধৰি দুয়োপক্ষৰ মাজত চলা গুলীয়াগুলীৰ পিছত সেনাই দুই সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে৷ নিহত সন্ত্রাসবাদী এটা লস্কৰ–ই–তৈবাৰ দুর্ধর্ষ কমাণ্ডাৰ ইছফাক ৰছিদ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, আনগৰাকী হৈছে লস্কৰ–ই–তৈবাৰে সদস্য আইজাছ ভাট৷ নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদী দুটাৰ পৰা এ কে ৪৭ আৰ পিষ্টল উদ্ধাৰ কৰিছে৷

You might also like