নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুমাহৰ অন্তঃসত্ত্বা অভিনেত্ৰী কেট, শ্বুটিঙৰ সময় পিছুৱালে প্ৰযোজকে

বিশেষ বাৰ্তা, ১৩ মেঃ বিবাহৰ পাছতো প্রেমত মচগুল ভিকি কৌশল আৰু কেটৰিণা কাঈফ। এই দম্পতিৰ নানা মুহূর্তৰ ছবি প্রতিদিনে আহি থাকে ছচিয়েল মিডিয়াত। মাতৃ দিৱসত লণ্ডনত থকা কেটৰিণাৰ মাক সুজানৰ কাষলৈ গৈ আশীর্বাদ লৈ আহে দুয়ো। তাৰ পৰা হঠাৎ প্রিয় ৰেঁস্তোৰাত খাই গৈ পালে নিউয়র্ক। তাতো প্রেমৰ ঘনিষ্ঠ মুহূর্ত প্রকাশ কৰে দম্পতিয়ে। শেহতীয়াকৈ কিছু বেছিকৈ একেলগে ছুটি কটোৱা দেখা গৈছে ‘ভিকেট’ক। শুনা গৈছে দুমাহৰ অন্তঃসত্ত্বা অভিনেত্ৰী কেটৰিণা। দেউতাক হ’বলৈ ওলাইছে ভিকি। সেই আনন্দই ঘনে ঘনে উদ্‌যাপন কৰিছে নেকি তাৰকা দম্পতিয়ে? অকল সেয়াই নহয়, বহুকেইজন প্রযোজকে ছবিৰ বাবে কেটৰিনাৰ সৈতে চুক্তিবদ্ধ হৈছিল, তেওঁলোকেও সময়সূচী সলনি কৰিছে। বলীউড সূত্রৰ খবৰ অনুসৰি ‘মেৰী খ্ৰীষ্টমাছ’-ৰ পাছৰ কেটৰ সকলো ছবিৰ শ্বুটিং পিছুৱাই নিয়া হৈছে ২০২৩ চনলৈ। যদিও সকলো জল্পনা উৰুৱাই দি ভিকিৰ মুখপাত্রই জনাইছে, এই খবৰৰ কোনো সত্যতা নাই, গোটেইটোৱে গুজৱ মাথোঁ।

You might also like