নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমখন বিমানেৰেই কলকাতাত উপস্থিত কে কেৰ পত্নী জ্যোতি, দেউতাকক মুম্বাইলৈ নিব আহিছে নকুল

বিশেষ বাৰ্তা, ১ জুনঃ আজি পুৱাই কলকাতাত উপস্থিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ পত্নী জ্যোতি কৃষ্ণ আৰু পুত্ৰ নকুল। কণ্ঠশিল্পী জনৰ নিঠৰ দেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে। তাৰ পাছতেই মৃতদেহ লৈ মুম্বাইলৈ উভতি যাব তেওঁলোক। আজি পুৱাৰ প্রথম বিমানেৰে কলকাতালৈ আহিছে জ্যোতি আৰু নকুল। পুৱা ৯ টাতে তেওঁলোকৰ বিমান আহি পাইছে কলকাতা। বিমান বন্দৰৰ পৰা তেওঁলোক পোনে গৈছে চিএমআৰআই হাস্পাতাললৈ। কে কে-ৰ দীর্ঘ ৩১ বছৰৰ জীৱনসংগী জ্যোতি। শৈশৱৰে পৰা দুয়োৰে প্ৰেম আৰু সেই সূত্ৰে ১৯৯১ চনত তেওঁলোকৰ বিয়া হৈছিল। মঙলবাৰে নিশা কলকাতাত সংগীতানুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। আৰু তাৰ পাছতে তেওঁৰ মৃত্যু হৈছিল।

You might also like