নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ক্রমবর্ধমান আগ্রাসনত উদ্বিগ্ন মোদী–ছুগা, গুৰুত্বপূর্ণ ভার্চুৱেল বৈঠক

নিয়মীয়া বাৰ্তা, ২৭ এপ্রিলঃ ভাৰত আৰু জাপানৰ প্রধানমন্ত্রীয়ে কালি এক ভার্চুৱেল বৈঠকত মিলিত হয়৷ দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত এই বৈঠকত ক’ভিড–১৯ মহামাৰীৰ উপৰি চীনৰ ক্রমবর্ধমান আগ্রাসনৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে৷ পূব আৰু দক্ষিণ চীন সাগৰীয় অঞ্চলত বেইজিং প্রশাসনৰ ক্রমবর্ধমান আগ্রাসন সন্দর্ভত উদ্বেগ প্রকাশ কৰে নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী য়োশ্বিহিডে ছুগাই৷

উল্লেখনীয় যে ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সৈতে ভাৰতে যুঁজি থকা সময়তে জাপানৰ প্রধানমন্ত্রীগৰাকীৰ সৈতে মোদীৰ এই ভার্চুৱেল বৈঠক তাৎপর্যপূর্ণ আছিল বুলি বিশেষজ্ঞ মহলে মন্তব্য কৰিছে৷

দুয়োগৰাকী নেতাই ২৫ মিনিট ধৰি ক’ভিড মহামাৰী আৰু চীনৰ আগ্রাসনক লৈ আলোচনা কৰা বুলি কেন্দ্রীয় চৰকাৰৰ এক সূত্রই সদৰী কৰিছে৷ ইফালে, আলোচনাকালত জাপানৰ প্রধানমন্ত্রী ছুগাই ক’ভিড মহামাৰীৰ পৰা ভাৰতে সোনকালে পৰিত্রাণ পাব বুলি আশা প্রকাশ কৰিছে৷ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত দুয়োখন দেশে সহযোগিতাৰে কাম কৰি যাব বুলিও ছুগা আৰু মোদীয়ে এই আলোচনাত সহমত পোষণ কৰিছে৷

ইফালে, এই আলোচনাৰ পাছতে জাপানৰ বিদেশ মন্ত্রালয়ে এক বিবৃতি প্রকাশ কৰি মোদীৰ নেতৃত্বত ভাৰতে ক’ভিড প্রতিৰোধী যুঁজত সফলতা লাভ কৰিব বুলি আশা প্রকাশ কৰিছে৷ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত জাপানে ভাৰতলৈ আগবঢ়োৱা সাহায্যৰ বাবে ছুগাক প্রধানমন্ত্রী মোদীয়ে ধন্যবাদো জ্ঞাপন কৰে৷ স্মর্তব্য যে জাপানে ইতিমধ্যে ভাৰতক ৩,১০০ কোটি য়েন সাহায্য হিচাপে আগবঢ়াইছে৷

You might also like