নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিশ্ব জয়ৰ যুঁজত লাভলীনা

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদকজয়ী তথা দেশৰ শ্রেষ্ঠতম ক্রীড়া সন্মান খেলৰত্ন লাভ কৰা অসমকন্যা লাভলীনা বৰগোহাঁয়ে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আজি স্বর্ণ জয়ৰ যুঁজত নামিব৷ নতুন দিল্লীত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ আজি হ’বলগীয়া ৭৫ কেজি শাখাৰ ফাইনেলত লাভলীনাৰ মুখামুখি হ’ব দুবাৰৰ কমনৱেলথ গেমছৰ পদকজয়ী অষ্ট্রেলিয়াৰ কেটলিন পার্কাৰ৷ গৌৰৱময় কেৰিয়াৰত প্রথমবাৰৰ বাবে বৃহৎ প্রতিযোগিতাৰ ফাইনেল খেলিব অসমকন্যাই৷ কিন্তু আজিৰ স্বপ্ণৰ মেচত কেটলিনৰ বিৰুদ্ধে লাভলীনাই ফেভাৰিট৷ ‘আজিৰ ফাইনেল মেচখন কঠিন হ’ব যদিও প্রশিক্ষকে কোৱা কথাখিনি মই অনুসৰণ কৰিম আৰু পৰিস্থিতি নিৰীক্ষণ কৰি ৰিঙত মোৰ কিছু পৰিকল্পনা প্রয়োগ কৰিম৷ মই দেশৰ বাবে অন্তিম ক্ষণলৈ যুঁজি থাকিম আৰু ভাৰতৰ বাবে সোণৰ পদক জয় কৰিবলৈ চেষ্টা কৰিম৷’–  এনেদৰে কয় লাভলীনাই৷

উল্লেখ্য যে মহিলা বিশ্ব বক্সিঙত নতুন ওজন শাখাত খেলিছে অসমকন্যা লাভলীনাই৷ ইফালে, লাভলীনাৰ লগতে আজি স্বর্ণ জয়ৰ লক্ষ্যৰে ৰিঙত নামিব বিশ্ব চেম্পিয়ন নিখাট জাৰিণেও৷ আজি হ’বলগীয়া ৫০ কেজি শাখাৰ ফাইনেলত নিখাটে দুবাৰৰ এছিয়ান চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি টামৰ বিৰুদ্ধে মুখামুখি হ’ব৷

You might also like