নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল জীৱন মিছনৰ কামত ঠিকাদাৰ–অভিযন্তাৰ যোগ–বিয়োগ নচলিবঃ কঠোৰ সকীয়নি মুখ্যমন্ত্রী ড০ শর্মাৰ

  • ২০২৩ৰ ৩১ ডিচেম্বৰৰ ভিতৰতে কাম সম্পূর্ণ কৰাৰ নির্দেশ
  • ঠিকাদাৰসকলক ১৫ দিনৰ ভিতৰত পার্ফমেঞ্চ গেৰাণ্টী অথবা ঠিকা প্রত্যাহাৰৰ আহ্বান
  • অভিযন্তা–অতিৰিক্ত উপায়ুক্তসকলকো লগাই থোৱা পাক আজিয়েই খুলি দিয়াৰ নির্দেশ, নহ’লে পাছত বিপদত পৰিব বুলি সকীয়নি

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: জল জীৱন মিছনৰ কাম–কাজত ঠিকাদাৰ–ভিযন্তাৰ যোগ–বিয়োগ নচলিব বুলি আজি ঠিকাদাৰ আৰু অভিযন্তাসকলক কঠোৰ সকীয়নি প্রদান কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মাছখোৱাৰ প্রাগজ্যোতি আইটিএ প্রকল্পত জল জীৱন মিছনৰ কাম–কাজ সম্পর্কত আয়োজিত এক পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই পূর্বতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম–কাজত চলা ব্যৱস্থা এতিয়া নাই বুলি স্পষ্ট কৰি দি কয় যে এতিয়া আগৰ দিন গ’ল৷ অভিযন্তাই কাম সম্পূর্ণ হোৱাৰ চার্টিফিকেট দিছে মানেই সকলো শেষ নহয়৷ জল জীৱন মিছনৰ কামত অভিযন্তা–ঠিকাদাৰৰ যোগ–বিয়োগ নচলিব৷ ইয়াতেই বিল পাম, কাম শেষ সেইটো নহ’ব৷ সেইটো কৰিব যোৱা মানে ব্লাড প্রেছাৰ, ছুগাৰ বৃদ্ধিহে পাব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জল জীৱন মিছনৰ কাম অহা ২০২৪ চনৰ ৩১ মার্চৰ পাছত নচলিব৷ সেই বছৰৰ ১ এপ্রিলৰ পৰা জল জীৱন মিছন নাথাকিব৷ জল জীৱন মিছনত সঞ্চালকো নাথাকিব৷ গতিকে ২০২৪ৰ ১ এপ্রিলৰ পাছত কোনেও বকেয়া বিলো বিচাৰি নাপাব৷ সেয়ে জল জীৱন মিছনৰ সকলো কাম–কাজ ২০২৩ৰ ৩১ ডিচেম্বৰৰ ভিতৰতে সম্পূর্ণ কৰাৰ বাবে ঠিকাদাৰসকলক লক্ষ্য স্থিৰ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷

নির্ধাৰিত সময়ৰ ভিতৰত গুণগত মানেৰে কাম শেষ কৰিবলৈ ঠিকাদাৰসকলক নির্দেশ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই বছৰটোত ভালদৰে কাম কৰক৷ ৫০ শতাংশ, ২০ শতাংশ, ৩০ শতাংশ লাভৰ পাছত ঘূৰিলে কাম নহ’ব৷ ২০২৩ৰ ৩১ ডিচেম্বৰৰ ভিতৰত কাম সম্পূর্ণ কৰিব নোৱাৰা ঠিকাদাৰসকলক ব্লেকলিষ্টেড কৰা হ’ব৷ ভৱিষ্যতে তেওঁলোকে লোকনির্মাণ বিভাগকে ধৰি আন ক’তোৱে কাম কৰিব নোৱাৰিব৷ তদুপৰি কাগজত কাম সম্পূর্ণ কৰা দেখুৱাই প্রকৃতার্থত সম্পূর্ণ কাম নহ’লে এতিয়া কোনো সাৰি নাযায় বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়া গাঁৱৰ মানুহৰ হাততে ম’বাইল, গুগল থাকে৷ কাগজে–পত্রই ২০ ঘৰত পানী যোগান সম্পূর্ণ হোৱা দেখুৱাই প্রকৃততে ১৬ ঘৰে পানী পালেও বাকী কথাখিনি সময়ত পোহৰলৈ আহিবই৷ তেতিয়া ঠিকাদাৰসকলে পুনৰ সেই কাম কৰিব লাগিব৷ নহ’লে এফআইআৰৰ সন্মুখীন হ’ব৷ অসমত এতিয়া একেদিনাই ৬–৭জন এচিএছ বিষয়াই চাকৰি এৰিবলগা হৈছে৷ মায়া–মমতা একো নাই৷ কাম অসম্পূর্ণ কৰিলে এটা সময়ত তদন্ত হ’বই৷ ২০২৪ৰ ৩১ মার্চত জল জীৱন মিছন শেষ হ’লেও ২০২৫–২৬ চনতো এই মিছনৰ কাম–কাজৰ তদন্ত চলি থাকিব৷ সম্প্রতি জল জীৱন মিছনৰ কামত হোৱা বহু অনিয়ম তেওঁৰ নজৰত থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কিমান ফুট পাইপ পুতিছে, কিমান ফুট পাইপ পোতা নাই, কেনেধৰণৰ গুণগত মানৰ পাইপ লগোৱা হৈছে সেয়া তেওঁৰ নজৰত আছে৷ অসমত ৬২ লাখ পৰিয়ালৰ গৃহত জল জীৱন মিছনৰ পানীৰ টেপ সংযোগ কৰিব লাগিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুজৰাটে ইতিমধ্যে ১০০ শতাংশ কাম সম্পূর্ণ কৰিছে৷ চুবুৰীয়া ৰাজ্য ত্রিপুৰায়ো ৬৪ শতাংশ কাম সম্পূর্ণ কৰিছে৷ অসমত এতিয়ালৈ ৩২ লাখ পৰিয়ালৰ কাম কৰা হৈছে৷ লক্ষ্য স্থিৰ কৰা ৬২ লাখ পৰিয়ালৰ ভিতৰত ৪–৫ লাখৰ কাম সম্পূর্ণ নহ’ব৷ কাৰণ চৰ অঞ্চল আৰু পাহাৰত থকা ঘৰত এই কাম সম্পূর্ণ হৈ নুঠিব৷ এই বিষয়ে ভাৰত চৰকাৰকো জনোৱা হৈছে৷ সেয়ে এতিয়া আৰু ১৮ লাখৰ কাম কৰিব লাগিব৷

ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই এতিয়ালৈ কামৰ অর্ডাৰ লৈ যিসকল ঠিকাদাৰে পার্ফমেঞ্চ গেৰাণ্টী দিয়া নাই, তেওঁলোকক অহা ১৫ দিনৰ ভিতৰত সেই গেৰাণ্টী দিবলৈ আজিৰ পর্যালোচনা বৈঠকখনতেই নির্দেশ দিয়ে৷ অন্যথা তেওঁলোকক কামৰ দায়িত্বৰ পৰা অব্যাহতি ল’বলৈ আহ্বান জনায়৷ এইক্ষেত্রত কাৰ লগত কোন মন্ত্রী আছে, কোন বিধায়ক আছে তাক লৈ তেওঁ জ্ঞাত নহয় বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাম সময়ত সম্পূর্ণ কৰা, উন্নত কাম কৰা আৰু আগলৈ দুটা কাম লোৱা সেই বিষয়তহে তেওঁ গুৰুত্ব দিছে৷ তৃতীয় পক্ষ পৰিদর্শকসকলকো গাঁৱলৈ গৈ ক্ষেত্রভিত্তিক পৰিদর্শন কৰিহে কাম সম্পূর্ণ হোৱাৰ প্রমাণ–পত্র দিবলৈ নির্দেশ দিয়ে৷ গুৱাহাটী বা ঘৰতে বহি তেনে প্রমাণ–পত্র দিলে ভৱিষ্যতে তেওঁলোকো জবাবদিহি হ’ব৷ অহা ৯ এপ্রিলত পার্ফমেঞ্চ গেৰাণ্টী সম্পর্কত ঠিকাদাৰসকলৰ সৈতে তেওঁ আন এখন পর্যালোচনা বৈঠকত মিলিত হ’ব বুলি আজিৰ বৈঠকতে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেইদিনাৰ বৈঠকত তেওঁৰ সুৰ বেলেগ হ’ব৷ তদুপৰি পৰৱর্তী পর্যায়ত ১০ শতাংশৰ তলত কাম কৰা, ২০ শতাংশৰ তলত কাম কৰা ঠিকাদাৰসকলৰ সৈতেও বৈঠকত মিলিত হ’ব বুলি জানিবলৈ দিয়ে৷ ইপিনে, আজিৰ বৈঠকতে অভিযন্তাসকলকো ঠিকাদাৰসকলক হাৰাশাস্তি নকৰিবলৈ, গেলামালৰ দোকান নুখুলিবলৈ কঠোৰ সকীয়নি প্রদান কৰে৷ মন কৰিবলগীয়া এয়ে যে মুখ্যমন্ত্রী ড০ শর্মাই এই সকীয়নি প্রদান কৰাৰ লগে লগে মাছখোৱা আইটিএ সাংস্কৃতিক প্রকল্পৰ বৈঠকখনত জোৰদাৰ হাতচাপৰি পৰাৰ লগে লগে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তাৰ মানে ইতিমধ্যে অভিযন্তাসকলে গেলামালৰ দোকান যে খুলিছে সেয়া প্রমাণ হৈছে৷ অভিযন্তাসকলে যে ক’ৰবাত পাক লগাই থৈছে, সেয়া প্রমাণ হৈছে৷ জোৰদাৰ হাতচাপৰিয়ে সেয়া প্রমাণ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই অভিযন্তা, অতিৰিক্ত উপায়ুক্তসকলৰ যিয়ে পাক লগাই থৈছে, আজিয়েই সেই পাক খুলি দিবলৈ নির্দেশ দি নহ’লে পাছত বিপদত পৰিব বুলি কঠোৰ সকীয়নি প্রদান কৰে৷

ইফালে, বৈঠকখনৰ আৰম্ভণিতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ঠিকাদাৰসকলক নির্ধাৰিত সময়ৰ ভিতৰত গুণগত কাম সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে৷ যথা সময়ত কাম সম্পূর্ণ কৰিব নোৱাৰিলে তেওঁলোকৰ আমানতৰ ধন বাজেয়াপ্ত কৰাৰ লগতে ঠিকা বাতিল কৰা হ’ব বুলিও সকীয়নি প্রদান কৰে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগত পানী যোগান নধৰাকৈ কাম সম্পূর্ণ কৰাৰ পুৰণা মানসিকতা এতিয়া নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ আজিৰ এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব এছ আব্বাছি, জল জীৱন মিছনৰ সঞ্চালক কৈলাস কার্তিক এনকে ধৰি বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like