নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ দ্বিতীয়গৰাকী চিডিএছ হ’ব লেফ্টেনেণ্ট জেনেৰেল অনিল চৌহান

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: জেনেৰেল বিপিন ৰাৱতৰ মৃত্যুৰ ৯ মাহৰ পাছত বুধবাৰে কেন্দ্ৰীয় চৰকাৰে লেফ্টেনেণ্ট জেনেৰেল অনিল চৌহান (অৱসৰপ্ৰাপ্ত)ক নতুন চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) হিচাপে নিযুক্তি দিয়ে। নিজৰ সামৰিক কাৰ্যকালত অনিল চৌহানে দেশৰ ডি জি এম এ অ’, সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ৪০ বছৰ সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰি যোৱা বছৰহে অৱসৰ গ্ৰহণ কৰিছিল। শেহতীয়াকৈ তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সামৰিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে, ভাৰত চৰকাৰে পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) হিচাপে লেফ্টেনেণ্ট জেনেৰেল অনিল চৌহান (অৱসৰপ্ৰাপ্ত)ক নিযুক্তি দিছে, যিয়ে ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ৪০ বছৰতকৈও অধিক সময় ধৰি সেৱা আগবঢ়োৱা লেফ্টেনেণ্ট জেনেৰেল অনিল চৌহানে (অৱসৰপ্ৰাপ্ত) কেইবাটাও কমাণ্ডৰ নেতৃত্বত আছিল। জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব ভাৰতত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ অভিজ্ঞতা আছে।

You might also like