নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মধু কা পাঁচৱা বাচ্চা’, এইটোনো কেনে নাম, এনে নামেৰে নামভৰ্তি নহয়…

বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ ‘মধু কা পাঁচৱা বাচ্চা’, মধুৰ পঞ্চম সন্তান। এইটোনো কি নাম। এনেকুৱা নামেৰে বিদ্যালয়ত নামভৰ্তি নহয়। এনেদৰে কৈ অভিভাৱকক ওভোতাই পঠিয়াই দিলে শিক্ষয়িত্ৰীয়ে। এই ঘটনা উত্তৰ প্ৰদেশৰ বাদাউৰ। স্থানীয় চৰকাৰী স্কুল এখনত নিজৰ কণমানিটিক নামভৰ্তিৰ বাবে লৈ গৈছিল দিনেশ নামৰ মানুহজনে। আচলতে কণমানিজনীৰ নাম আৰতি। কিন্তু আধাৰকাৰ্ডত কণমানিটিৰ নামটো লিখা হৈছে- ‘মধু কা পাঁচৱা বাচ্চা’ বুলি।

সেয়ে নামভৰ্তি নহয় বুলি অভিভাৱকক জনাইছিল শিক্ষয়িত্ৰীয়ে। ইয়াৰ পাছত যেতিয়া বাতৰি ভাইৰেল হয়, তাত প্ৰত্যক্ষ হস্তক্ষেপ কৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ে। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দৃষ্টিগোচৰ হোৱাত শিক্ষা বিভাগলৈ নিৰ্দেশনা যায় আৰু লগে লগে সকলো সমাধা হয়। আধাৰকাৰ্ডত হোৱা এনে ভুলো পোহৰলৈ আহে আৰু সেয়াও শুধৰণিলৈ গৈছে।

You might also like