নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱতীক নগ্ন কৰি নাচিবলৈ বাধ্য কৰালে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ মহাৰাষ্ট্রৰ জালগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা৷ এই স্থানত এখন হোষ্টেলৰ যুৱতীক নগ্ন কৰি নাচিবলৈ বাধ্য কৰালে স্বয়ং আৰক্ষীয়ে৷ উত্থাপিত অভিযোগ অনুসৰি জালগাঁৱৰ এখন হোষ্টেলত এটা ঘটনাৰ তদন্তৰ বাবে আৰক্ষী প্রৱেশ কৰিছিল৷ আৰক্ষীৰ লগতে হোষ্টেলত প্রৱেশ কৰা একাংশ সাধাৰণ লোকে হোষ্টেলখনত থকা যুৱতীকেইগৰাকীমানক্ তেওঁলোকৰ সন্মুখতে নগ্ন হৈ নাচিবলৈ বাধ্য কৰায়৷ এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্রকাশ পাইছে৷

এই ঘটনাই সমগ্র ৰাজ্যখনত প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে মহাৰাষ্ট্রৰ বিধানসভাৰ অধিৱেশনত বিষয়টো উত্থাপন কৰে বিৰোধীয়ে৷ অৱশ্যে বিৰোধীৰ প্রশ্নৰ উত্তৰ প্রদান কৰি ৰাজ্যখনৰ গৃহমন্ত্রী অনিল দেশমুখে প্রকাশ কৰে যে এই ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে চাৰিজনীয়া এখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছে৷ বিধানসভাৰ মজিয়াত গৃহমন্ত্রীজনে কয়– ‘এয়া এক অত্যন্ত দুর্ভাগ্যজনক ঘটনা৷ তদন্তৰ বাবে চাৰিজনীয়া এখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছে৷ কমিটীখনক দুদিনৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে৷ প্রতিবেদন লাভ কৰাৰ লগে লগে দোষীৰ বিৰুদ্ধে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব৷’

You might also like