নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতাৰণা নির্বাচনত চৰকাৰক এশিকনি দিয়াৰ হুংকাৰ গোর্খা ছাত্র সন্থাৰ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ জনজাতিকৰণ, ডি–ভোটাৰৰ সমস্যা সমাধান, স্বায়ত্তশাসন প্রদানকে ধৰি বিভিন্ন দাবী পূৰণৰ ক্ষেত্রত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰা প্রতাৰণাক এশিকনি দিয়াৰ হুংকাৰ দিছে সদৌ অসম গোর্খা ছাত্র সন্থাই৷ আজি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক নোমল ছেত্রীয়ে কয় যে গোর্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বিভিন্ন সময়ত চৰকাৰক দাবী জনাই আহিছে৷ কিন্তু বিগত ৫ বছৰত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰখনে গোর্খাসকলৰ সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব প্রদান নকৰিলে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপি দলে গোর্খাসকলৰ সমস্যাৰ সমাধানৰ আশ্বাস দিছিল যদিও সেয়া পূৰণ নকৰিলে৷ সেয়েহে আগন্তুক বিধানসভা নির্বাচনত চৰকাৰৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰিব বুলি তেওঁলোকে হুংকাৰ দিয়ে৷ সংবাদ মেলতে গোর্খা জনগোষ্ঠীৰ প্রতিনিধিসকলক দলীয় টিকট প্রদান কৰিবলৈ ৰাজনৈতিক দলসমূহলৈ আহ্বান জনাই তেওঁ কয়–‘ৰাজ্যত ৩০ লক্ষাধিক গোর্খাৰ প্রতিনিধিত্ব কৰাৰ বাবে চৰকাৰত প্রতিনিধিৰ সংখ্যা কম৷ আনকি গোর্খা স্বায়ত্তশাসনৰ দৰে শক্তিশালী পৰিষদ গঠন কৰাৰ প্রতিশ্রুতি দি চৰকাৰখনে গোর্খা উন্নয়ন পৰিষদকে পুনৰ কার্যক্ষম কৰি কণা হাঁহক পতান দিয়াৰ লেখীয়াহে কৰিলে৷ এনে বহুক্ষেত্রত গোর্খাসকলক চৰম প্রতাৰণা আৰু উপহাস কৰি আহিছে৷’ সেয়েহে এইবাৰ বিধানসভা নির্বাচনত যিসমূহ ৰাজনৈতিক দলে গোর্খাসকলৰ সমস্যাৰ সমাধানৰ আশ্বাস দিব তেওঁলোকক সহযোগিতা কৰাৰ কথা গোর্খা ছাত্র সন্থাই বিবেচনা কৰিব বুলিও তেওঁ সদৰী কৰে৷

You might also like