নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী প্রচাৰৰ বাবে অসমলৈ নাহে অৰবিন্দ কেজৰিৱাল

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ আগন্তুক বিধানসভা নির্বাচনত ৰাজ্যলৈ প্রচাৰ চলাবলৈ নাহে দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পার্টী (আপ)ৰ ৰাষ্ট্রীয় সমন্বয়ক অৰবিন্দ কেজৰিৱাল৷ আজি এই কথা স্পষ্ট কৰিছে আপৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীয়ে৷ দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত চৌধুৰীয়ে কয় যে ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক দলে আম আদমী পার্টীৰ ৰাষ্ট্রীয় সমন্বয়কগৰাকী অসমলৈ প্রচাৰৰ বাবে অহাটো বিচাৰিছে৷ কিন্তু এইক্ষেত্রত বর্তমানলৈ কেজৰিৱালে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ উল্লেখ্য যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ হৈ ৰাজ্যলৈ দিল্লীৰ মুখ্যমন্ত্রীগৰাকী প্রচাৰ চলাবলৈ আহিব বুলি প্রকাশ পাইছিল৷ কেইবাখনো নির্বাচনী সভাত তেওঁ অংশগ্রহণ কৰাৰ কথাও সদৰী কৰা হৈছিল৷ কিন্তু আজি এই কথা নস্যাৎ কৰে আপৰ ৰাজ্যিক নেতৃত্বই৷ ইফালে, আগন্তুক বিধানসভা নির্বাচনত আপে প্রতিদ্বন্দ্বিতা নকৰে বুলি আজি স্পষ্ট কৰি দিয়ে ৰাজ্যিক সমন্বয়ক চৌধুৰীয়ে৷ ৰাজ্যৰ পৰিৱর্তিত ৰাজনৈতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আপে এই সিদ্ধান্ত গ্রহণ কৰিছে বুলি সংবাদ মেলখনত তেওঁ অৱগত কৰায়৷

You might also like