নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ৰূপে শপত ললে মমতা বেনার্জীয়ে

নিয়মীয়া বাৰ্তা, ৫ মেঃ  কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ সর্বশক্তি প্রতিহত কৰি তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱা শাসকীয় তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীয়ে আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিলে৷

উল্লেখ্য যে দেওবাৰে ঘোষিত ফলাফলত ২৯২ আসনৰ ভিতৰত ২১২খন আশনেৰে বিপুল জয় সাব্যস্ত কৰা তৃণমূল কংগ্রেছৰ নেত্রী তথা মুখ্যমন্ত্রী বেনার্জীয়ে সন্ধিয়া ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধানখৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়৷

ইয়াৰ পিছতেই অহা ৫ মে’ত অনুষ্টুপীয়া কার্যসূচীৰে মুখ্যমন্ত্রী হিচাপে মমতা বেনার্জীয়ে শপত গ্রহণৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷

 উল্লেখ্য যে ৬ মে’ত মমতা বেনার্জীৰ নতুন কেবিনেটে শপতগ্রহণ কৰাৰ সম্ভাৱনা আছে৷

You might also like